ভুৱা জাতিগত প্ৰমাণ পত্ৰ লৈ চাকৰি কৰি থকা চিকিৎসক ধৰা পৰিল।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ পল্লৱ বৰাৰ জাতিগত প্ৰমাণ পত্ৰখন ভুৱা বুলি ওলাই পৰিল।
অনুসূচীত জাতিৰ লোক বুলি ভুৱা প্ৰমাণ পত্ৰ লৈ চিকিৎসকৰ চাকৰি কৰি আছিল ডাঃ পল্লৱ বৰাই।

যাক লৈ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালক সহ
বিভিন্ন সংশ্লিষ্ট বিভাগলৈ
স্মাৰক পত্ৰ প্ৰেৰণ কৰি তদন্তৰ দাবী কৰিছিল।

তদন্তৰ পাছত চিকিৎসক গৰাকীৰ জাতিগত প্ৰমাণ পত্ৰ খন ভুৱা বুলি স্পষ্ট হৈ পৰে।
ইয়াৰ পছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অসমত অবৈধ ভাৱে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চৰকাৰী চাকৰি কৰি থকা বহু ব্যক্তি আছে।

অতি শীঘ্ৰে জাতিগত প্ৰমাণপত্ৰ বাতিল কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসৰ দাবী জনাই।। তাৰ উপৰিও জালিয়াতি কৰি ভুৱা অনুসূচিত জাতি ব্যক্তিক, জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা অসম অনুসূচিত জাতি পৰিষদৰ একাংশ ব্যক্তিকো তদন্তৰ আওতালৈ আনিবলৈ দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ।।

অসমৰ বিভিন্ন প্ৰান্তত জালিয়াতি কৰি অনুসূচিত জাতি জাতিগত প্ৰমাণপত্ৰ লাভ কৰি বিভিন্ন বিভাগত চৰকাৰী চাকৰি কৰি থকা ব্যক্তিক অতি শীঘ্ৰে জাতিগত প্ৰমাণপত্ৰ বাতিল কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসৰ।।

