অসমীয়া সাংস্কৃতিক জগতখনক উকা কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰিল অসমীয়া চলচ্চিত্ৰ আৰু টিভি জগতৰ অতি পৰিচিত মুখগৰাকী - পূৰৱী শৰ্মা। Purabi Sarma

অসমীয়া সাংস্কৃতিক জগতখনক উকা কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰিল অসমীয়া চলচ্চিত্ৰ আৰু টিভি জগতৰ অতি পৰিচিত মুখগৰাকী – পূৰৱী শৰ্মা। Purabi Sarma

Purabi Sarma অসমীয়া সাংস্কৃতিক জগতখনক উকা কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰিল অসমীয়া চলচ্চিত্ৰ আৰু টিভি জগতৰ অতি পৰিচিত মুখগৰাকী – পূৰৱী শৰ্মা।

১৯৮০ চনত আজলী নবৌ ছবিৰে অসমীয়া ছবিজগতত পদাৰ্পণ কৰিছিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

পূৰৱী শৰ্মাই অভিনয় কৰা কেইখনমান মনপৰশা ছবি:
বিধাতা, কন্যাদান, বাৰুদ, অহিৰ ভৈৰৱ, পূজা, পিতাপুত্ৰ, অভিমান, অশান্ত প্ৰহৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, এণ্টনি মোৰ নাম, সোণমইনা আৰু প্ৰথম ৰাগিণী। তেওঁৰ অভিনয়ে প্ৰতিখন ছবিকেই জীৱন্ত কৰি তুলিছিল।

ছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো আছিল তেওঁৰ সাৰ্থক বিচৰণ। কহিনুৰ, শংকৰদেৱ আৰু হেঙুল নাট্যদলতো অভিনয় কৰি দৰ্শকৰ মৰম বুটলিছিল।

নতুন নাট্যযাত্ৰাৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে প্ৰিয়তমা পত্নীক হেৰুৱালে জনপ্ৰিয় অভিনেতা তপন দাসে।

পূৰৱী শৰ্মাৰ অকাল বিয়োগেৰে অসমীয়া চলচ্চিত্ৰ জগতৰ এটি সোণালী যুগৰ সামৰণি পৰিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top