বৰাকৰ ৰাস্তাৰ হাড় ভাঙি চলিছে কয়লা আৰু লাইমষ্টোন চেণ্ডিগেটৰ অবৈধ সাম্ৰাজ্য! দালাল-পুলিচৰ গোপন মিতিৰালী আৰু কোনো এক মন্ত্ৰীৰ ছত্ৰছায়াত ধ্বংস হৈছে সমগ্ৰ উপত্যকা । Barak Valley

বৰাকৰ ৰাস্তাৰ হাড় ভাঙি চলিছে কয়লা আৰু লাইমষ্টোন চেণ্ডিগেটৰ অবৈধ সাম্ৰাজ্য! দালাল-পুলিচৰ গোপন মিতিৰালী আৰু কোনো এক মন্ত্ৰীৰ ছত্ৰছায়াত ধ্বংস হৈছে সমগ্ৰ উপত্যকা । Barak Valley

Barak Valley বৰাকৰ ৰাস্তাৰ হাড় ভাঙি চলিছে কয়লা আৰু লাইমষ্টোন চেণ্ডিগেটৰ অবৈধ সাম্ৰাজ্য! দালাল-পুলিচৰ গোপন মিতিৰালী আৰু কোনো এক মন্ত্ৰীৰ ছত্ৰছায়াত ধ্বংস হৈছে সমগ্ৰ উপত্যকা

বৰাক উপত্যকাত কয়লা লাইমষ্ট’ন আৰু সাৰৰ চেণ্ডিগেট মাফিয়াৰ দৌৰাত্ম্য সম্পূৰ্ণৰূপে অব্যাহত আছে। সেতু ভাঙি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হ’লেও বন্ধ নহয় চেণ্ডিগেট বাহিনীৰ অভাৰল’ড লৰীৰ দপদপনি। এটা ৰাস্তা বন্ধ হ’লে তেওঁলোকে তৎক্ষণাত আন এটা ৰাস্তা খুলি লয়,কাৰণ তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে চেণ্ডিগেট চলাই ৰখা।

কিছুমান দৃশ্য দেখিলে আপুনি ও ক’ব যে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হৈছে কেৱল চেণ্ডিগেট বাহীনিৰ লৰী চলোৱাৰ সুবিধাৰ বাবেই।

বৰাকৰ সাধাৰণ মানুহে ৰাস্তাৰ ভয়ংকৰ দুৰ্দশাত হাহাকাৰ কৰিলেও দিছপুৰত বহি থকা বিভাগীয় মন্ত্ৰী আৰু নেতা সকলে কেৱল টকাৰ হিচাপ লৈ আছে।

বৰাক এতিয়া দিছপুৰৰ ৰজাৰ এটিএম কাৰ্ড লৈ ৰূপান্তৰিত হৈছে যেনে লাগিছে।

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় আপুনি বিচাৰিছিল দালাল মুক্ত সমাজ আপুনি কিমান সফল হৈছে, আপুনি জানেনে আপোনাৰ কিছুমান থানাত এতিয়া অহৰহ চলি আছে দালালৰ দপদপনি।

কালাইন আৰু গোমৰা থানাত দিনে ৰাতিয়ে বাঁহৰ পাতি চলাই আছে দালাল চক্ৰই দালালি থানাৰ অচৰত থকা চা দোকানত অহৰহ লিখি আছে টকাৰ বিনিময়ত এফ আই আৰ।

কালাইন আৰু গোমৰা থানাত এতিয়া প্ৰসিদ্ধ কালেকচন মাষ্টাৰ হৈছে সুমিত অমিত তাহিৰ আৰু আন বহু বিশিষ্ট দালাল। আপুনি পাৰিলে থানাৰ চিচি কেমেৰা চেক কৰক তাতেই দেখা পাব দালাল আৰু পুলিচৰ কিমান ঘনিষ্ঠ মিতিৰালী। সন্ধিয়া হ’লেই দালালৰ নম্বৰবিহীন গাড়ীত বহি চলি থাকে তেওঁলোকৰ পাৰ্টি।

এতিয়া প্ৰশ্ন হৈছে কালাইন আৰু বড়খলাত যি কয়লা অভাৰল’ড গাড়ী দেখা পোৱা গৈছে সেই কেইখনৰ মালিক কোন?

আৰু কেনেকৈ বহিঃৰাজ্যৰ পৰা এয়া সকলো প্ৰবেশ কৰিছে বৰাকলৈ।কোন দালালে বৰাকত সোমাবলৈ দিছে গ্ৰীন চিগনেল?

কোন হৈছে কালাইনৰ পাল উপাধিৰ এজন বিশেষ নেতা আৰু কোন হৈছে কালাইনৰ সুমিত, অমিত,দেবু ,আৰু তাহিৰ।

জানিব পৰা মতে সুমিত আৰু অমিতে দুজনে দখল কৰিছে গোমৰা আৰু কালাইন থানাৰ দালালিৰ প’ষ্ট।

বৰাকৰ মানুহে ৰাস্তাৰ কাৰণতে হাহাকাৰ কৰিলেও একো কৰিবলৈ নাই দিছপুৰত বহি থকা মন্ত্ৰী আৰু নেতা সকলৰ। বৰাকৰ পৰা লাগে কেৱল টকা আৰু টকা।
বৰাকৰ ৰাস্তাৰ অৱস্থা একেবাৰে বেহাল, ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছে হেজাৰ হেজাৰ লৰি, হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন সাধাৰণ ৰাইজৰ কিন্তু খবৰ কোনে ল’ব।

সদনত চলি আছে চেণ্ডিগেটৰ বিৰুদ্ধে যুঁজ আৰু প্ৰমাণ বিচাৰি আছে বিভাগৰ মুৰব্বীসকলে। ক’ত চলি আছে চেণ্ডিগেট কোনে চলাইছে চেণ্ডিগেট? এনে প্ৰশ্ন উত্থাপন কৰিছে সৰকাৰ পক্ষৰ মন্ত্ৰী বিষয়া সকলে। এতিয়া এয়া দৃশ্য চোৱাৰ পিছত কি কৰিব আৰু কি ক’ব মন্ত্ৰী মহোদয়।

মাননীয় মুখ্যমন্ত্ৰী মহোদয় চাওক কিমান প্ৰমাণ লাগে আপোনাৰ। এফালে বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ এটাৰ পাছত আন এটা সেতু ধ্বংস হৈছে লাইমষ্ট’ন আৰু কয়লা চেণ্ডিগেটৰ বাবে কিন্তু বন্ধ নহয় চেণ্ডিগেট বাহিনীৰ গাড়ী। ইমান দিন দিগৰখাল হৈ চলি আছিল এতিয়া চলি আছে বড়খলা ৰাস্তা হৈ।
বেহাল ৰাস্তাৰ মাজেও থমকি যোৱা নাই কয়লা আৰু লাইমষ্টোন চেণ্ডিগেটৰ দৌৰাত্ম্য।

বড়খলা টোলগেট পাৰ হোৱাৰ অপেক্ষাত থিয় হৈ আছে তিনিখন অভাৰল’ড কয়লা বোজাই লৰী। প্ৰশ্ন উঠিছে ৰাস্তাৰ দুৰৱস্থা সত্ত্বেও কেনেকৈ অব্যাহত আছে অভাৰল’ড কয়লা পৰিবহন। চৰকাৰে উত্তৰ দিব পাৰিবনে কাৰ স্বাৰ্থত চলি আছে এইবোৰ ধ্বংস যজ্ঞ।

চাওক এইখন কয়লা ভৰ্তি ট্ৰাক কালাইনত উলটি পৰি ফাঁস কৰিলে কয়লা চেণ্ডিগেটৰ ক’লা বাজাৰৰ কলা অধ্যায়।

চাওক আৰু কিমান প্ৰমাণ লাগে? অভাৰল’ড লৰীৰ দাপটত এতিয়া গাঁৱৰ ৰাস্তাও ধ্বংসৰ মুখত।

বৰাক উপত্যকাত কয়লা চেণ্ডিগেটৰ দৌৰাত্ম্য নিয়ে ফেৰ উঠিছে একাধিক গুৰুতৰ প্ৰশ্ন।

সোমবাৰে পুৱা কালাইন চা বাগান এলাকাত দুৰ্ঘটনাগ্ৰস্ত হৈছে NL 01 AF 4580 নম্বৰৰ এখন অভাৰল’ড কয়লা বোজাই ষোল চকীয়া লৰী। সৌভাগ্যবশত বৰ ধৰণৰ কোনো প্ৰাণহানিৰ ঘটনা ঘটি নাই। তথাপিও এই দুৰ্ঘটনাৰ পিছত প্ৰকাশ্যলৈ আহিছে একেৰ পাছত এক চাঞ্চল্যকৰ তথ্য। সবচেয়ে উদ্বেগৰ বিষয় হৈছে দুৰ্ঘটনাগ্ৰস্ত লৰীখনৰ ইন্সুৰেন্স ২০২৫ চনতেই ম্যাদ উকলি গৈছিল। অৰ্থাৎ বৈধ ইন্সুৰেন্স নোহোৱাকৈয়ে লৰীখন ৰাস্তাত চলাচল কৰি আছিল। যদি এই দুৰ্ঘটনাত কোনো নিৰীহ পথচাৰী বা স্থানীয় বাসিন্দাৰ প্ৰাণহানি ঘটিলহেঁতেন তেন্তে ক্ষতিপূৰণ আৰু আইনী জটিলতাত বৰ ধৰণৰ সমস্যাৰ সৃষ্টি হ’লহেঁতেন।

স্থানীয়সকলৰ অভিযোগ অনুসৰি সৰু গাঁৱৰ পথেৰে প্ৰায় আশী টন ওজনৰ এই অভাৰল’ড কয়লা বোজাই লৰীখন কালাইন চা বাগান এলাকাত প্ৰৱেশ কৰি শেষত দুৰ্ঘটনাৰ কবলে পৰিছে।

ইয়াৰ ফলত নতুনকৈ আশংকা দেখা দিছে যে কিছুদিন আগতে চিচি ব্লক দি নিৰ্মিত কালাইন বজাৰৰ পৰা কালাইন চা বাগানলৈকে গুৰুত্বপূৰ্ণ গাঁৱৰ ৰাস্তাটো অভাৰল’ড লৰীৰ চাপত দ্ৰুত ক্ষতিগ্ৰস্ত হৈ পৰিব পাৰে। উল্লেখ্য যে গুমড়া সেতু বিকল থকাৰ বাবে লৰীখন বড়খলা টোল গেট হৈ বৰাকত প্ৰৱেশ কৰিছে। অথচ বড়খলা-কালাইন সড়কৰ বেহাল অৱস্থাৰ বাবে বিশ টনৰো অধিক ওজনৰ যানবাহন চলাচলৰ ওপৰত চৰকাৰী কঠোৰ নিষেধাজ্ঞা আছে।

প্ৰশ্ন উঠিছে বিভিন্ন চেকগেট আৰু নজৰদাৰী ব্যৱস্থা থকা সত্ত্বেও কেনেকৈ এখন অভাৰল’ড কয়লা বোজাই লৰী নিৰ্বিঘ্নে কালাইনত প্ৰৱেশ কৰিলে।
স্থানীয় সূত্ৰৰ দাবি অনুসৰি মোটা অংকৰ টকাৰ বিনিময়ত চেণ্ডিগেট চক্ৰৰ সহযোগিতাতেই এই লৰী বৰাকত প্ৰৱেশ কৰিছে। জনা গৈছে বৰাকৰ এজন প্ৰভাৱশালী মন্ত্ৰী জড়িত আছে এই চেণ্ডিগেট চক্ৰত। অভিযোগ অনুসৰি প্ৰতিদিন ৰাতিৰ অন্ধকাৰত অসংখ্য অভাৰল’ড কয়লা বোজাই লৰী বৰাক উপত্যকাত ঢুকিছে।

সোমবাৰৰ এই দুৰ্ঘটনাই কয়লা চেণ্ডিগেটৰ সেই অবৈধ বাণিজ্যক আকৌ এবাৰ প্ৰকাশ্যলৈ আনিছে।

স্থানীয়সকলৰ বক্তব্য অনুসৰি অভাৰল’ড পণ্যবাহী লৰীৰ লাগামহীন চলাচলৰ কাৰণেই সমগ্ৰ বৰাক উপত্যকাৰ জাতীয় সড়ক আজি বেহাল অৱস্থাত উপনীত হৈছে। এতিয়া সেই দৌৰাত্ম্য গাঁৱৰ ৰাস্তাতো ছড়াই পৰিছে।

কালাইন বজাৰৰ পৰা আৰম্ভ কৰি কালাইন চা বাগানলৈকে চিচি ব্লকৰ এই ৰাস্তাটো বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ উদ্যোগত নিৰ্মিত হৈছিল।

স্বাধীনতাৰ পিছত এই এলাকাত এনে মানসম্পন্ন ৰাস্তা নিৰ্মাণ হোৱাত গাঁৱবাসীৰ দীৰ্ঘদিনীয়া দুৰ্ভোগ কিছুটা কমিছিল। কিন্তু কয়লা চেণ্ডিগেটে যদি এই গাঁৱৰ পথক নিয়মিত ৰুট হিচাপে ব্যৱহাৰ কৰে তেন্তে অচিৰেই নতুন নিৰ্মিত ৰাস্তাটো ভাঙি পৰাৰ আশংকা দেখা দিছে।

এতিয়া সাধাৰণ মানুহৰ একমাত্ৰ প্ৰশ্ন হৈছে য’ত চৰকাৰী নিষেধাজ্ঞা আছে একাধিক চেকগেট আছে সেই ঠাইতে কেনেকৈ অভাৰল’ড কয়লা বোজাই লৰী অবাধে চলাচল কৰিছে। কিয় এতিয়াও কয়লা চেণ্ডিগেটৰ বিৰুদ্ধে দৃশ্যমান আৰু কঠোৰ প্ৰশাসনিক পদক্ষেপ লোৱা হোৱা নাই। বৰাকৰ ৰাস্তা ধ্বংসৰ বাবে দায়ী এই অবৈধ চেণ্ডিগেট চক্ৰৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা ল’ব প্ৰশাসনে সেই উত্তৰ এতিয়া বিচাৰিছে সাধাৰণ মানুহে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top