Chandra Mohan Patowary । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বেয়াকৈ লিখিবলৈ চাপ দিলে কোনে !
বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰীক বেয়া পোৱা হ’ল কিয় !
আঙুলিটো কিয় বেঁকা কৰি ঘিঁউ উলিয়াব চেষ্টা কৰাক লৈ ক্ষোভ বিজেপি দলত তৃণমূল কৰ্মীৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতাই দল ত্যাগ কৰিলে কিয় !

ধৃতৰাষ্ট্ৰ ভাও লৈছে জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহণ পাটোৱাৰীয়ে !


সমিৰন গোস্বামী ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ সভাপতিৰ পদত্যাগ
দিগেন চন্দ্ৰ ডেকা পশ্চিম নলবাৰী মণ্ডল যুৱ মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ

ক্ৰমাত নলবাৰী জিলাৰ টিহু সমষ্টিৰ লগতে পশ্চিম নলবাৰী সমষ্টিত বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলৰ মাজত সৃষ্টি হৈছে বিসম্বাদ । যাৰ ফলস্বৰূপে পদত্যাগৰ জোৱাৰ উঠিবলৈ আৰম্ভ হৈছে ।

এমাহতে দুটাকৈ অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা যুৱ মৰ্চাৰ মণ্ডল সভাপতিয়ে দল ত্যাগ কৰিছে । সমিৰন গোস্বামী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰা লগতে পশ্চিম নলবাৰী ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি দিগেন চন্দ্ৰ ডেকাৰ দল ত্যাগৰ বিষয়টো এতিয়া তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত চৰ্চিত হৈছে। এক সূত্ৰ পৰা পোৱা খবৰ অনুসৰি যথেষ্ট মানসিক কষ্ট আৰু পৰিতাপেৰে এই পদত্যাগ পত্ৰ দিছিলে সমিৰন গোস্বামী আৰু দিগেন চন্দ্ৰ ডেকাই । যদিও পদত্যাগ পত্ৰত ব্যক্তিগত অসুবিধাৰ কথা উল্লেখ কৰিছে । সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অ- প্ৰচাৰ কৰিবলৈ মানসিক চাপ দিছিল । দলৰ ভিতৰতে চিপৰাং মৰা ৰাজনীতি এতিয়াও চলি আছে টিহু সমষ্টিত । মূলত টিহু সমষ্টিৰ বিধায়ক জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰিয়ে মন্ত্ৰীত্ব নপোৱাৰ বাবে , একাংশ পাটোৱাৰীৰ তৈল মৰ্তন কৰি ফুৰা নেতাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত লিখিবলৈ চাপ সৃষ্টি কৰিছিল ।

অৰুপ কুমাৰ বৰ্মনে সামাজিক মাধ্যমত কৰা এটি পোষ্ট আছিল এনে ধৰণৰ -‘দিছপুৰত ৰাজধানী ৰখা জনকে আজি দিছপুৰৰ নতুন সম্ৰাটে এলাগী কৰিল নাপায় এনে মহাপাপ কৰিব ।’

ইয়াৰ উপৰিও টিহু সমষ্টিত বিভিন্ন জনে বিভিন্ন ধৰণৰ পোষ্ট কৰিছিল – ‘বৰ্তমান সময়ত ভাল মানুহৰ দাম নাই , গৰু ছাগলী চোৰৰ হে দাম বেছি’- কি কাৰণত নিকা অভিজ্ঞ চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী সভাত স্থান নাপালে এই বিষয়ত সমাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাপ সৃষ্টি কৰাৰ বাবে বেয়াকৈ সামাজিক মাধ্যমত পোষ্ট কৰিছিল চন্দ্ৰমোহন পাটোৱাৰী একাংশ ঘনিষ্ঠই ।

চিধা অঙুলিৰে ঘি উলিয়াব নোৱাৰি আঙুনি বেকা কৰিছিল চন্দ্ৰমোহন পাটোৱাৰী একাংশ ঘনিষ্ঠ নেতাই ।

চাপ সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰীৰ । আনকি একাংশ বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত লিখিবলৈ কৈছিল , যাৰ ফলত একাংশ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীয়ে দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে । আমাক জনোৱা সূত্ৰটোৰ মতে – পশ্চিম নলবাৰী আৰুটিহু সমষ্টিৰ আৰু বহু নেতাই বিজেপি দল ত্যাগ কৰিব তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অ-প্ৰচাৰ নকৰে । সূত্ৰটোৱে জানিব দিয়ে জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহণ পাটোৱাৰী মনত এতিয়াও পুহি ৰাখিছে মন্ত্ৰীত্ব পোৱাৰ সপোন যাৰ বাবে সকলো দেখিও ধৃতৰাষ্ট্ৰ ভাও লৈছে লৈছে ।

