কমলপুৰত অংকুৰ দাসৰ মহাবিষ্ফোৰণ, বিধায়ক দিগন্ত কলিতাৰ দুৰ্নীতিৰ অভিযোগ

কমলপুৰত অংকুৰ দাসৰ মহাবিষ্ফোৰণ, বিধায়ক দিগন্ত কলিতাৰ দুৰ্নীতিৰ অভিযোগ

২০২৬ চনৰ বিধানসভা নিৰ্বাচন আহি থকাৰ মাজতে কমলপুৰ সমষ্টিত ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) টিকট প্ৰত্যাশী Ankur Das-এ সংবাদ মাধ্যমৰ সন্মুখত সমষ্টিত সংঘটিত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি এক প্ৰকাৰৰ মহাবিষ্ফোৰণ ঘটাইছে। নতুনকৈ কালি পৰহি যোগদান কৰা ন- বিজেপিয়ে এতিয়া বিজেপি দলৰ ডাঙৰ নেতা

সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি অংকুৰ দাসে অভিযোগ কৰে যে বৰ্তমান বিধায়ক Diganta Kalita-ৰ কাৰ্যকালত কমলপুৰ সমষ্টিত বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে। তেওঁ কয় যে যদি এইবাৰ বিজেপিয়ে তেওঁক দলীয় টিকট প্ৰদান কৰে তেন্তে কমলপুৰত চলি থকা সকলো দুৰ্নীতি সমূলঞ্চে নিৰ্মূল কৰাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

ইয়াৰ লগতে তেওঁ কয় যে আজি-কালিৰে বিজেপিত যোগদান কৰা কিছুমান লোকে এতিয়া নিজকে বিজেপিৰ ডাঙৰ নেতা বুলি পৰিচয় দিবলৈ ধৰিছে। কিন্তু তেওঁ বহুদিন ধৰি বিজেপিৰ আদৰ্শৰে জড়িত হৈ আছে বুলি উল্লেখ কৰে।

অংকুৰ দাসে লগতে কয় যে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰতো বহু গুৰুত্বপূৰ্ণ কাম কৰাৰ পৰিকল্পনা তেওঁৰ আছে। তেওঁ জনায় যে বিজেপিয়ে কোনো কাৰণত তেওঁক টিকট প্ৰদান নকৰিলেও এইবাৰ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু ইভিএমত তেওঁৰ নাম থাকিব বুলি দাবী কৰে।

ইয়াৰ উপৰিও তেওঁ স্পষ্টকৈ কয় যে তেওঁ আগতেও বিজেপিৰ সৈতে জড়িত আছিল, এতিয়াও বিজেপিৰেই সদস্য হৈ আছে আৰু ভৱিষ্যতেও বিজেপিৰ আদৰ্শক লৈ সমাজৰ কল্যাণৰ বাবে কাম কৰি যাব।

অংকুৰ দাসৰ এই বক্তব্যক লৈ কমলপুৰ সমষ্টিৰ ৰাজনীতিত নতুনকৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top