অসমীয়া চলচ্চিত্ৰ জগতত পুনৰ সৃষ্টি হৈছে বিতৰ্ক। ফিল্মফেয়াৰ (অসমীয়া চলচ্চিত্ৰ)ৰ মনোনয়ন তালিকা প্ৰকাশৰ পিছতেই সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপে।

Film Fraternity Of Assam-ৰ এটা হোৱাটছএপ গ্ৰুপত ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে ফিল্মফেয়াৰৰ বিভিন্ন শিতানৰ মনোনয়ন তালিকা সম্বলিত এটা PDF লাভ কৰা বুলি উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে তালিকাখন দেখি তেওঁ আচৰিত হৈছে।

তেওঁ অভিনয় কৰা ‘ৰুদ্ৰ’ ছবিখন শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহ-অভিনেতা, শ্ৰেষ্ঠ সহ-অভিনেত্ৰী, শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ আৰু মহিলা), শ্ৰেষ্ঠ সংগীত, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ গীত আদি মুঠ ১৩টা শিতানত মনোনীত হৈছে। কিন্তু ছবিখনৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰা সত্বেও শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত তেওঁ মনোনয়ন লাভ নকৰাত অসন্তোষ প্ৰকাশ কৰে নন্দিনীয়ে।

তেওঁ লিখিছে যে তেওঁ অভিনয় কৰা এটা গান চাৰিটা শিতানত মনোনীত হৈছে, অথচ সেই গানটোত অভিনয় কৰা নায়িকাগৰাকীহে মনোনীত নহ’ল। “এনে অন্যায় কৰা উচিত নে এগৰাকী উঠি অহা অভিনেত্ৰীৰ ক্ষেত্ৰত?”—বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ।
নিজৰ ব্যক্তিগত জীৱনত ঘটা এটা ঘটনাৰ বাবে তেওঁৰ বৃত্তিগত জীৱনত প্ৰভাৱ পেলোৱা হৈছে বুলিও অভিযোগ কৰে নন্দিনীয়ে। ইতিমধ্যে কেইবাখনো চিনেমাৰ অফাৰ বন্ধ কৰি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে “অনিচ্ছাকৃতভাবে কেতিয়াবা মানুহৰ জীৱনত ঘটনা ঘটি যায়, সেইবুলি উঠি অহা প্ৰতিভাক শেষ কৰি পেলোৱা উচিত নে?”

তেওঁ লগতে বলিউডৰ ছুপাৰষ্টাৰ Salman Khan আৰু Sanjay Duttৰ উদাহৰণ দি কয় যে ব্যক্তিগত জীৱনত বহু ডাঙৰ বিতৰ্ক বা ঘটনা ঘটা সত্বেও তেওঁলোকৰ বৃত্তিগত জীৱনত এনেধৰণৰ বঞ্চনা হোৱা দেখা নগ’ল।
“আমাৰ অসমত কিয় ইমান অন্যায়? কিয় ইমান অবিচাৰ?”—এনেদৰে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰি অভিনেত্ৰীগৰাকীয়ে বিষয়টোত স্পষ্টতা দাবী কৰিছে।

এই সন্দৰ্ভত আয়োজক পক্ষৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া দিয়া নাই। অসমীয়া চলচ্চিত্ৰ মহলত বিষয়টো লৈ চর্চা অব্যাহত আছে।
