ড০ বাণীকান্ত কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি , মদাহী শিক্ষক-কৰ্মচাৰীৰ কাণ্ডক লৈ ক্ষোভ, জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী

ড০ বাণীকান্ত কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি , মদাহী শিক্ষক-কৰ্মচাৰীৰ কাণ্ডক লৈ ক্ষোভ, জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী

ড০ বাণীকান্ত কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

মদাহী শিক্ষক-কৰ্মচাৰীৰ কাণ্ডক লৈ ক্ষোভ, জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী

বৰপেটা জিলাৰ অন্তৰ্গত বাতি কুৰিহা গাঁৱৰ Dr. Banikanta Kakati Higher Secondary Schoolত শিক্ষক-কৰ্মচাৰীৰ একাংশৰ দুৰ্ব্যৱহাৰ আৰু মদ্যপ অৱস্থাত বিদ্যালয়লৈ অহাৰ অভিযোগক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বিদ্যালয়খনত কিছুমান শিক্ষক-কৰ্মচাৰীয়ে নিয়মীয়াকৈ মদ্যপ অৱস্থাত উপস্থিত হৈ অনুশাসন ভংগ কৰাৰ ফলত শিক্ষাৰ পৰিৱেশ একেবাৰে ক্ষতিগ্ৰস্ত হৈছে।

অভিযোগ অনুসাৰে, বিদ্যালয়খনত পুৱা-পুৱাই মদ্যপ অৱস্থাত উপস্থিত হোৱা একাংশ শিক্ষক-কৰ্মচাৰীৰ মাজতে প্ৰায়েই বাক-বিতণ্ডা আৰু দুৰ্ব্যৱহাৰৰ ঘটনা সংঘটিত হয়। আজি পুৱাও এনে এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। অভিযোগ মতে, কেৰাণী বিপুল তালুকদাৰে মদ্যপ অৱস্থাত বিদ্যালয়লৈ আহি সহকাৰী শিক্ষক কংকন দাসক গালত চৰ মাৰে আৰু দুৰ্ব্যৱহাৰ কৰে। ঘটনাৰ পিছতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

বিদ্যালয়খনৰ বিগত বৰ্ষৰ ফলাফল অতি নিম্নমানৰ হোৱা কথাও ৰাইজে উল্লেখ কৰি কয় যে এনে অনিয়ম আৰু অনুশাসনহীন পৰিৱেশেই শিক্ষাৰ মান অধঃপতনৰ অন্যতম কাৰণ। অভিভাৱকসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিদ্যালয়খন ড০ বাণীকান্ত কাকতিৰ দৰে বিশিষ্ট ব্যক্তিৰ নামত স্থাপিত, কিন্তু একাংশ শিক্ষক-কৰ্মচাৰীৰ কাৰ্যকলাপে সেই নামত কালিমা সানিছে।

স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে জিলা প্ৰশাসন তথা শিক্ষা বিভাগক এই ঘটনাৰ উচ্চস্তৰীয় তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে নিয়মীয়া পৰ্যবেক্ষণ ব্যৱস্থা কঢ়া কৰি শিক্ষাৰ সুস্থ পৰিৱেশ পুনৰ স্থাপন কৰাৰ আহ্বান জনাইছে।

এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু আগন্তুক দিনত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top