শ্ৰীভূমিৰ জালাল নগৰত ছদ্ম পৰিচয়ে বিয়া, নিৰ্যাতনৰ অভিযোগ; থানাত গোচৰ

শ্ৰীভূমিৰ জালাল নগৰত ছদ্ম পৰিচয়ে বিয়া, নিৰ্যাতনৰ অভিযোগ; থানাত গোচৰ

গোলাঘাট জিলাৰ নৌজান গাঁৱৰ এগৰাকী যুৱতীৰ অভিযোগ অনুসৰি, শ্ৰীভূমি জিলাৰ জালাল নগৰৰ এজন যুৱকে হিন্দু পৰিচয় দি তেওঁৰ সৈতে বিয়া পাতিছিল। অভিযোগত কোৱা হৈছে, নিজকে “ৰাজু দেব” বুলি চিনাকি দিয়া যুৱকজনৰ প্ৰকৃত নাম আব্দুল হক।

মহিলাগৰাকী কৰ্মসূত্ৰে চেন্নাইত আছিল। স্বামীৰ মৃত্যুৰ পিছত পৰিচয় হোৱা যুৱকজনৰ সৈতে মন্দিৰত বিয়া অনুষ্ঠিত হয় বুলি তেওঁ দাবী কৰিছে। কিন্তু বিয়াৰ পিছত স্বামীৰ ঘৰতে পূজা-অৰ্চনা কৰিবলৈ নিদিয়া আৰু নিজৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানত বাধা আৰোপ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।

তেওঁৰ অভিযোগ অনুসৰি, পিছলৈ স্বামীৰ পৰিচয় সন্দেহজনক বুলি অনুভৱ কৰাৰ লগতে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। লগতে মোবাইল ফোনত ভিডিঅ’ ৰেকৰ্ডিং কৰি বলপূৰ্বক নিষিদ্ধ মাংস খুৱাইছিল বুলিও তেওঁ অভিযোগ কৰিছে।

পিছলৈ কোনোপ্ৰকাৰে চেন্নাইৰ পৰা শ্ৰীভূমিলৈ আহি উপস্থিত হোৱা মহিলাগৰাকী স্থানীয় বিধায়ক **কমলাক্ষ দে পুৰকায়স্থ**ৰ স্মৰণাপন্ন হয়। তাৰ পিছতে শ্ৰীভূমিৰ নিলাম বজাৰ আৰক্ষী থানাত অভিযুক্তজনৰ বিৰুদ্ধে লিখিত গোচৰ দাখিল কৰা হৈছে।

পুলিচে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top