নগাঁৱৰ কঠিয়াতলীত নিশা উত্তেজনা : অসংযত অৱস্থাত ধৰা পৰিল প্ৰাক্তন ৱাৰ্ড সদস্য বকুল শীল

নগাঁৱৰ কঠিয়াতলীত নিশা উত্তেজনা : অসংযত অৱস্থাত ধৰা পৰিল প্ৰাক্তন ৱাৰ্ড সদস্য বকুল শীল

নগাঁও জিলাৰ কঠিয়াতলী জুৰিপাৰ অঞ্চলত নিশা সৃষ্টি হয় তীব্ৰ উত্তেজনা। এগৰাকী মহিলাৰ ঘৰত পুৰুষ নথকা অৱস্থাত অসংযত পৰিস্থিতিত ধৰা পৰে প্ৰাক্তন ৱাৰ্ড সদস্য তথা বিজেপি নেতা বকুল শীল।

স্থানীয় ৰাইজৰ অভিযোগ অনুসাৰে, নিশা প্ৰায় দুপৰ ৰাতিলৈকে মহিলা গৰাকীৰ ঘৰৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি সোমাই আছিল বকুল শীল। সন্দেহজনক পৰিস্থিতি লক্ষ্য কৰি স্থানীয় লোকসকলে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ দৰ্জা খুলিবলৈ আহ্বান জনায়। কিন্তু বহু সময় ধৰি দৰ্জা নোখোলাত উত্তেজিত ৰাইজে অৱশেষত দৰ্জা ভাঙি ঘৰত প্ৰৱেশ কৰে।

ঘৰত প্ৰৱেশ কৰাৰ পিছত বকুল শীলক বিচনাৰ তলত আত্মগোপন কৰি থকা অৱস্থাত স্থানীয় লোকে আটক কৰে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তেওঁক আৰু মহিলা গৰাকীক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

স্থানীয়সকলৰ অভিযোগ, প্ৰায় দুবছৰ ধৰি নিশা গোপনে মহিলা গৰাকীৰ ঘৰলৈ আহি আছিল বকুল শীল। ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োকেইজনক নিজৰ হেফাজত লৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top