ভূপেন বৰাক সাক্ষাৎ কৰাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰিলে হিমন্ত বিশ্ব শর্মা। ডেৰঘণ্টীয়া বৈঠকৰ অন্তত সদ্যপ্ৰাক্তন কংগ্ৰেছ নেতা ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত ডাঙৰ ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ভূপেন বৰাই অহা ২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই যোগদান কাৰ্যসূচী। যোগদানৰ আন আন বিষয় আৰু বিস্তৃত কাৰ্যসূচী সভাপতি দিলীপ শইকীয়াই সদৰী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “আজি বহুদিনৰ পাছত মোৰ পূৰ্বৰ সতীৰ্থ ভূপেন বৰাক লগ পালোঁ। তেওঁ তিনিটা দশকৰো অধিক সময় কংগ্ৰেছত কাৰ্যনিৰ্বাহ কৰিলে। এতিয়া তেওঁ ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব। ভূপেন বৰাৰ লগতে বহুকেইগৰাকী নেতাই বিজেপিত যোগদান কৰিব। আন কিছুমান নেতাই বিহপুৰীয়া আৰু ৰঙানদীত যোগদান কৰিব।”

তেওঁ আৰু জানিবলৈ দিয়ে যে ভূপেন বৰাৰ যোগদানৰ পাছত লখিমপুৰত এক বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হ’ব, য’ত লখিমপুৰৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব। অৱশ্যে, আজি বৈঠকত বিশেষকৈ ৰাজনীতিৰ বিস্তৃত আলোচনা কৰা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “হিন্দু নেতাৰ স্থান নাই কংগ্ৰেছত। অসমীয়া মূলসুঁতিৰ স্বাৰ্থত কাম কৰি আহিছোঁ। কাইলৈ মই আৰু ভূপেন বৰাই অকলে বহি আলোচনা কৰিম। আসনৰ বিষয়ত এতিয়াও কোনো আলোচনা হোৱা নাই। ভূপেন বৰাই জালুকবাৰীতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।”
তেওঁ লগতে কয় যে ভূপেন বৰাৰ ঘৰলৈ গৈ সাক্ষাৎ কৰাটো তেওঁৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যৰে। “মাধৱদেৱ কলাক্ষেত্ৰৰ কাম ভূপেন বৰাই আৰম্ভ কৰিছিল। ভূপেন বৰা ‘ফিক্স ডিপোজিট’ নাছিল। মই আগতেই কৈছিলোঁ যে তেওঁ মে’ মাহতেই যোগদান কৰিব পাৰে,” বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাৰ এই সিদ্ধান্ত ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত বিশেষ তাৎপৰ্য বহন কৰিছে।
