ৰাজ্যত অব্যাহত ভুৱা উপহাৰ কুপন খেল, সক্ৰিয় মাফিয়া চক্ৰ

ৰাজ্যত অব্যাহত ভুৱা উপহাৰ কুপন খেল, সক্ৰিয় মাফিয়া চক্ৰ

ৰাজ্যত আজিও সক্ৰিয় হৈ আছে ভুৱা উপহাৰ কুপন খেলৰ একাংশ মাফিয়া বেপাৰী। কোনো ধৰণৰ বৈধ খেল অনুষ্ঠিত নকৰাকৈ সামাজিক মাধ্যমৰ জৰিয়তে ভুৱা প্ৰচাৰ চলাই সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

ইতিমধ্যে পূৰ্বতে N24 ASSAMত এই ভুৱা উপহাৰ কুপন খেল সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল। চৰকাৰী প্ৰশাসনৰ চকুত ধুলি দি নগাঁও জিলাৰ পৰাই এই ভুৱা কুপন খেল চলাই যোৱা বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি এই চক্ৰৰ লগত ৰছিদুল ইচলাম, হান্নান আলি আৰু নজৰুল হুছেইন আদি ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।

ভুৱা উপহাৰ কুপন খেল পতা ব্যক্তিসকলৰ তালিকা দীঘল বুলি উল্লেখ কৰি অভিযোগকাৰীয়ে কয় যে নিজামুল হুচেইন, আব্দুল হান্নান আলি আৰু জিয়াবুৰ ৰহমান এই চক্ৰৰ অন্যতম মাণ্ডাৰ মাইন। নগাঁও জিলাৰ কচুৱা অঞ্চলৰ পৰা এই চক্ৰই সংগঠিতভাৱে ভুৱা কুপন খেল চলাই আহিছে বুলি জানিব পৰা গৈছে।

ইফালে আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই এই ভুৱা উপহাৰ কুপন খেলৰ লগত জড়িত একাংশ ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ভুৱা উপহাৰ কুপন খেলৰ জৰিয়তে এইসকল অভিযুক্ত এতিয়া লাখপতি হৈ উঠিছে বুলি অভিযোগ উঠিছে। প্ৰতিদিনে সামাজিক মাধ্যমত ভুৱা উপহাৰ কুপনৰ লোভ দেখুৱাই প্ৰচাৰ চলাই সাধাৰণ লোকক প্ৰতাৰণা কৰাৰ এই চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী তুলিছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top