Pankaj Pathak । Dulu Ahmed । “পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পংকজ পাঠকক ফোন কৰা বাতৰি ভুৱা”-দুলু আহমেদ । পংকজ পাঠকে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে তেখেতক ফোন কৰাবুলি কৰা মন্তব্য ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত প্রকাশ পাইছে।

কিন্তু পংকজ পাঠকে মমতা বেনার্জীয়ে নিশা ১২:৩০ বজাত তেখেতক ব্যক্তিগতভাৱে ফোন কৰা বাতৰি সম্পূৰ্ণৰূপে ভুৱা বুলি অসম প্রদেশ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদক অৱগত কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই। ইয়াৰ লগতে দুলু আহমেদে এনেধৰণৰ ভুৱা তথ্য মন্তব্যৰে ৰাজ্যবাসীক বিপথে পৰিচালিত নকৰিবলৈ আৰু মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নাম ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিয়ে। অসমৰ প্ৰশাসনক এনেধৰনৰ ভুৱা মন্তব্য প্ৰদানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰো আহ্বান জনাই অসম প্রদেশ তৃণমূল কংগ্রেছে।
অসম প্রদেশ তৃণমূল কংগ্ৰেছে এনেধৰনৰ ভুৱা কাৰ্য্যকলাপ তথা সমাজ ব্যৱস্থাক ব্যাঘাত জন্মোৱা ঘটনাৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থাক সম্পূৰ্ণৰূপে সমর্থন কৰে বুলিও মন্তব্য কৰে উপ-সভাপতি দুলু আহমেদে।
লগতে যোৱাকালি গোৱালপাৰা জিলাত সংঘটিত লজ্জাজনক ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে অসম প্রদেশ তৃণমূল কংগ্ৰেছে। অসমৰ গৃহবিভাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক সুৰক্ষা দিয়াত বাৰম্বাৰ ব্যৰ্থ হোৱাৰ বিৰুদ্ধেও ক্ষোভ প্রকাশ কৰে দুলু আহমেদে।
