MOBILE । ৰঙিয়াৰ বহুকেইজন মোবাইল ফোনৰ গ্ৰাহকে পুণৰ ঘুৰাই পালে নিজৰ মৰমৰ মোবাইলটো । ৰঙিয়াৰ পৰা বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা কেইবাগৰাকী ব্যক্তিৰ পৰা হেৰাই গৈছিল নিজৰ প্ৰয়োজনীয় মোবাইলটো ।
ইয়াৰ পিছতে সেইসকল মোবাইলৰ গৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত তেওঁলোকে মোবাইল ক্ৰয় কৰা নথি-পত্ৰ সহ মোবাইল হেৰুৱা সম্পৰ্কত লিখিত ভাবে অভিযোগ দাখিল কৰিছিল। এনে অভিযোগৰ পিছতে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা হেৰুওৱা মোবাইল সমুহ উদ্ধাৰৰ ব্যৱস্থা কৰি এতিয়িলৈ মুঠ ৯ টা মোবাইল উদ্ধাৰ কৰে ।
উদ্ধাৰ হোৱা মোবাইল সমুহ আৰক্ষী বিষয়া গৰাকীয়ে পুণৰ গৰাকী সকলৰ লগত যোগাযোগ কৰি ওভতাই দিয়াৰ ব্যৱস্থা কৰে ।

