বগুৰিগুৰী গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যা মামনি ছুলতানাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ । fake documents

fake documents । ভূৱা তথ্য দি নিৰ্বাচনত জয়ী হোৱা সদস্যা গৰাকীৰ বিৰুদ্ধে । ব্যৱস্থা লোৱাৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ , কামৰূপ জিলাৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বগুৰিগুৰীত এগৰাকী নৱনিৰ্বাচিত ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা
লোৱাৰ দাবীত অঞ্চলটোৰ একাংশ ৰাইজে এক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে বগুৰীগুৰী গাওঁ পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্যা মামনি ছুলতানাৰ বিৰুদ্ধে উত্থাপন হৈছে জালিয়াতিৰ অভিযোগ ।


অভিযোগ মতে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা মামনি ছুলতানা নামৰ ৱাৰ্ড সদস্যা গৰাকীয়ে নিৰ্বাচনত মনোনয়ণৰ সময়ত নিজৰ শিক্ষাগত অৰ্হতাৰ ভূৱা প্ৰমান পত্ৰ দাখিল কৰিছে।শেহতীয়াকৈ
পঞ্চায়ত গঠন প্ৰক্ৰিয়াৰ প্ৰাকক্ষনত উক্ত জালিয়াতিৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পঞ্চায়তটোৰ একাংশ ক্ষোভিত ৰাইজে অভিযুক্ত ৱাৰ্ড সদস্যা গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবীত মন্দিৰা তিনিআলি চকত এক প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে মামনি ছুলতানা গ বেক, ভূৱা প্ৰমাণ পত্ৰ যোগান ধৰা সকলৰ বিৰুদ্ধে তদন্ত কৰক, শীঘ্ৰে মামনি ছুলতানাৰ বিৰুদ্ধে ব্যৱস্থা লওঁক আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top