USTM Chancellor Mahbubul Haque । নন্দিনী কাণ্ডত USTM স্বত্বাধিকাৰ মহবুবুল হকৰ নাম জড়িত, ৫ লাখ টকাৰ “ডিল”ৰ বিস্ফোৰক অভিযোগ!

নন্দিনী কাশ্যপৰ বিৰুদ্ধে পথ দুৰ্ঘটনাত ছামিউল হকৰ মৃত্যুক লৈ চলি থকা বিতৰ্কৰ মাজতে এতিয়া নতুন এক গুৰুতৰ অভিযোগে চৰ্চাৰ কেন্দ্ৰস্থল লৈছে USTM (University of Science & Technology Meghalaya)-ৰ স্বত্বাধিকাৰ মহবুবুল হকক। ছামিউল হকৰ পৰিয়ালৰ লোকসকলে আজি এক সংবাদমেলযোগে এই বিষয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

পৰিয়ালটোৰ অভিযোগ অনুসৰি, দূৰ্ঘটনাৰ পিছত নন্দিনী কাশ্যপৰ পক্ষে কথা পাতিবলৈ আগবাঢ়ি আহিছিল মহবুবুল হক। তেওঁ পৰিয়ালটোক আশ্বাস দিয়ে যে,
“নন্দিনীৰ হৈ মই মেডিকেললৈ আহিম। চিন্তা কৰিব নালাগে, চিকিৎসাৰ দায়িত্বত মই মিডিলমেন হিচাপে থাকিম। আজিৰ ভিতৰত ৫ লাখ টকা দিবলৈ ব্যৱস্থা কৰিম।”
পৰিয়ালৰ দাবী, মহবুবুল হকে ফোনযোগে নন্দিনীৰ লগত কথা পাতি যাবতীয় পৰিস্থিতি বুজি লোৱাৰ পিছত তেওঁলোকে চিকিৎসাৰ বাবে ধনৰ সহায় পাব বুলি আশা কৰিছিল। যদিও বাস্তৱত,
“তেওঁকে ধৰি আমি USTM লৈ গৈছিলোঁ, কথা পাতিলোঁ। তেও তিনিটা কিস্তিত ৫ লাখ টকা দিব বুলি কৈছিল। যদিও এতিয়ালৈকে একো পইচা পোৱা নাই।”
অভিযোগ অনুসৰি, নন্দিনীৰ অভিভাৱকে পৰিয়ালটোকে ক’লে—
“USTM ৰ মালিকে আপোনালোকক মাতিছে।”
সেই বুলি পৰিয়ালটো মেঘালয়লৈ গৈ মহবুবুল হকৰ সৈতে দেখা কৰে।
আৰু ইয়ে সকলোতকৈ ডাঙৰ প্রশ্ন উত্থাপন কৰিছে—
“৫ লাখ টকাত ছামিউল হকৰ পৰিয়ালক মেনেজ কৰাৰ দায়িত্ব লোৱা হৈছিল নেকি?”
পৰিয়ালটোৰ মতে, ঘটনার দিনাৰ পৰাই নন্দিনী কাশ্যপৰ চৰম প্ৰভাবৰ কথা তেওঁলোকে অনুভৱ কৰিছিল।
“নন্দিনী কাশ্যপে কৈছিল, ‘মোৰ ওপৰত বহুত হাত আছে। তোমালোকে মোক একো কৰিব নোৱাৰা।’”
এই কথাৰ পাছতেই তেওঁলোকে প্ৰচণ্ড ভয় অনুভৱ কৰিছিল আৰু পিছপৰীয়াই হৈ পৰিছিল।
পৰিয়ালৰ লোকৰ স্পষ্ট মন্তব্য—
“আমাৰ ৰোগীজন এপ’লোত ভৰ্তি হৈ আছিল, তথাপিও আমি নিজে দৌৰি USTM লৈ গ’লোঁ। পইচাৰ বাবে নাযাবলৈ কোনো উপায় নাছিল। এতিয়া সেই লোকেই (USTM মালিক) আমাক সহানুভূতিৰ পৰিৱৰ্তে মিছা অপবাদ দিছে।”
সংবাদমেলত পৰিয়ালৰ এক সদস্যে দুঃখ প্ৰকাশ কৰি কয়—
“টকাৰ বলত কি ৰাজনীতি হৈ আছে আমি নাজানো। আমি কেৱল উচিত তদন্ত বিচাৰো। আমাক ন্যায় লাগে।”
এই ঘটনাৰ পিচত ৰাজ্যজুৰি শংকা আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন মৃত্যুবৰণ কৰা যুৱকৰ পৰিয়ালক কি সত্যই ধনৰ বলত চুপ কৰাবলৈ চেষ্টা চলিছিল? অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু USTM ৰ স্বত্বাধিকাৰৰ মাজত কি কোনো গোপন “সেটেলমেণ্ট”ৰ চেষ্টা হৈছিল?
এই ঘটনাৰ পূৰ্ণাঙ্গ তদন্ত আৰু বিচাৰ বিচাৰি ছামিউল হকৰ পৰিয়াল এতিয়া ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে।
উল্লেখয়োগ্য যে আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব । এই অভিয়োগৰ সত্যতা কিমান ।

