গুৱাহাটী, ৩০ জুলাই:NANDINI KASHYAP CASE
অবশেষত গ্ৰেপ্তাৰ হ’ল গুৱাহাটী মহানগৰীৰ ‘হিট এণ্ড ৰাণ’ দুৰ্ঘটনাত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপ। নিশা ডেৰ বজাত, মঙলবাৰে, দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত গুৱাহাটী যান-বাহন আৰক্ষী শাখাৰ উপ-আৰক্ষী আয়ুক্ত (DCP) জয়ন্ত সাৰথি বৰাই এই কথা জনায়।

ডি চি পি জয়ন্ত সাৰথি বৰাই কয়, “২৫ জুলাই নিশা ওদালবাক্ৰাত হোৱা দুৰ্ঘটনাটোৰ বিষয়ে প্ৰাৰম্ভিকভাৱে যান-বাহন আৰক্ষী অৱগত নাছিল। ২৬ জুলাইতহে ঘটনাটো জানিব পৰা গৈছিল। তাৰ পিছতেই নন্দিনী কাশ্যপক থানালৈ মাতি সোধা-পোছা কৰি Clear Bondত যাবলৈ দিয়া হৈছিল। ২৮ জুলাইত আকৌ দিছপুৰ থানালৈ মাতি পুনৰ সোধা-পোছা কৰা হয়।”

প্ৰথম অৱস্থাত নন্দিনীৰ বিৰুদ্ধে ৰুজু কৰা ধাৰাসমূহ আছিল জামিনযোগ্য — BNS 2023ৰ অধীনত U/S 115(2)/125(b)/281 ধাৰাৰ অধীনত 630/2025 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল। যদিও, ২৯ জুলাই সন্ধিয়া ছামিউল হকৰ মৃত্যুৰ পাছত আৰক্ষীয়ে আদালতত আবেদন জনায় জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰাৰ। তাৰ পাছতেই নতুনকৈ BNSৰ 105 ধাৰা গোচৰটোত সংযোজন কৰা হয়।

ডি চি পিয়ে লগতে উল্লেখ কৰে, “পূৰ্বৰ ধাৰাসমূহ জামিনযোগ্য হোৱাত দুবাৰ থানালৈ মাতিও গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাছিল। ১০৫ নং জামিনবিহীন ধাৰা সংযোগ কৰাৰ পিছতে নিশা ১.৩০ বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।”

জব্দ কৰা হৈছে নন্দিনীৰ বাহন
নন্দিনী কাশ্যপে চলাই থকা বাহনখন সন্দৰ্ভত DCP জয়ন্ত সাৰথি বৰাই কয়, “প্ৰথমে MVI (Motor Vehicle Inspection) কৰাৰ বাবে জব্দ কৰা হৈছিল বাহনখন, কিন্তু বৰ্তমান পুনৰ ফৰেন্সিক পৰীক্ষাৰ বাবে বাহনখন জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব।”
উল্লেখযোগ্য যে, নন্দিনী কাশ্যপৰ বাহনৰ বিৰুদ্ধে আগতে ৫ খনকৈ চলাফেৰা সংক্রান্ত চালান আছিল।
অভিযুক্ত নন্দিনী বৰ্তমান দিছপুৰ থানাৰ জিম্মাত আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে সংবাদমেলত জনায়।
