অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়া ছামিউল হকৰ মৃত্যু… । Actress Nandini Kashyap Interrogated in Hit-and-Run Case

অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়া ছামিউল হকৰ মৃত্যু… । Actress Nandini Kashyap Interrogated in Hit-and-Run Case

Actress Nandini Kashyap Interrogated in Hit-and-Run Case ।জীৱন-মৃত্যুৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে ছামিউল হকে। ২৯ জুলাইৰ দিনৰ ভাগত এপল হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় তেওঁ। কিছুদিন পূৰ্বে অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছামিউল। ২৫ জুলাইৰ পৰা চিকিৎসাধীন হৈ থকা ছামিউলে অৱশেষত আজি মৃত্যুৰে হাৰ মানিলে। এই ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে পুৱতি নিশা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়ে যুৱকজনক। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে যুৱকজনৰ ভৰি, হাত, ৰাজহাড় আদি ভাঙি যায়। লগে লগে যুৱকজনক চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়। যুৱকজনক ৰক্ষা কৰাৰ বাবে চিকিৎসকে অপ্ৰাণ চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ‘ৰুদ্ৰ’ নামৰ ছবিত অভিনীত নন্দিনী কাশ্যপে ঘটনাৰ দিনা তীব্ৰবেগত গাড়ী চলাই গৈ আছিল। তেতিয়াই তেওঁ ৰাস্তাৰ কাষত এখন স্কুটিত বহি থকা ছামিউলক মহটিয়াই লৈ যায়। সেই সময়ত ছামিউলে কাম শেষ কৰি ঘৰলৈ উভতাৰ বাবে সাজু হৈছিল। অভিযোগ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে যুৱকজনক খুন্দিয়াই সেই স্থানৰ পৰা পলায়ন কৰে।পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শী কেইজনমান যুৱকে অভিনেত্ৰীগৰাকীৰ বাহনখনক অনুসৰণ কৰি কিছু দূৰত্বত গৈ এটা আবাসৰ প্ৰৱেশস্থলীত আগ ভেটি ধৰে আৰু তেওঁক জবাবদিহি কৰে। ইতিমধ্যে ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে ৮ ঘন্টা পৰ্যন্ত জেৰা চলাই আৰু পাছত ঘৰলৈ যাব দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত নন্দিনী কাশ্যপে কয় যে, তেওঁ সেই স্থানৰ পৰা পলায়ন কৰা নাছিল। তেওঁ কেৱল ভয় খাইছিল। ইমানেই নহয়, যুৱকজনে অকনমান আঘাত পোৱা বুলি কৈছিল নন্দিনী কাশ্যপে।

ইফালে ছামিউলৰ মাতৃয়ে অভিযোগ তুলিছিল যে, নন্দিনী কাশ্যপে ছামিউলক এবাৰো দেখা কৰিবলৈ অহা নাই। আনকি এবাৰ খবৰো লোৱা নাই। ছামিউল ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল। ইফালে ঘৰৰ অৱস্থাও বেয়া। কিবাকৈ উঠি অহা পৰিয়ালটোৰ ওপৰত এতিয়া শোকে ছানি ধৰিছে। জীৱন-মৃত্যুৰে যুঁজি অৱশেষত আজি মৃত্যু হ’ল ছামিউলৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় ন্যায় সংহিতাই আই পি চিৰ ঠাইত হিট এণ্ড ৰাণ কাণ্ডৰ ক্ষেত্ৰত অধিক কঠোৰ শাস্তি প্ৰৱৰ্তন কৰিছে। ধাৰা ১০৬(১)ৰ অধীনত গাফিলতিৰ ফলত মৃত্যু ঘটা আৰু লগে লগে ঘটনাৰ খবৰ দিয়া চালকক ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ’ব পাৰে। ধাৰা ১০৬(২)ৰ অধীনত যদি কোনো চালকে ৰেচ বা গাফিলতিৰে গাড়ী চলোৱাৰ ফলত মৃত্যু ঘটায় আৰু ৰিপৰ্ট নিদিয়াকৈ পলায়ন কৰে তেন্তে তেওঁলোকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৭ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। গতিকে নন্দিনী কাশ্যপ সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top