গুৱাহাটী, ৭ জুলাই ২০২৫ঃ APON GHAR DAY CARE CENTRE ASOM । ২১ ছেপ্টেম্বৰ ২০২৫ তাৰিখে উদযাপিত হ’বলগীয়া বিশ্ব শান্তি দিৱস উপলক্ষে আপোন ঘৰ ডে কেয়াৰ চেন্টাৰ অসম ন্যাসৰ উদ্যোগত আজি এখন সংবাদ মেল আয়োজন কৰা হয়।

সংবাদ মেলখনত সভাপতিত্ব কৰে দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক, পক্ষীবিদ শ্ৰীযুত ভুৱনেশ্বৰ শৰ্মা। বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ প্ৰদীপ শৰ্মা, বিশিষ্ট সমাজ সেৱক, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অৱৰ সচিব নগেন চন্দ্ৰ শৰ্মা, বিশিষ্ট শিক্ষাবিদ, ছবি নিৰ্মাতা আৰু গৱেষক ডঃ মাইনু দেৱী, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ কামরূপ জিলাৰ সভাপতি শ্ৰীযুত মহেন্দ্ৰ চন্দ্ৰ দাস, আৰু আপোন ঘৰৰ সম্পাদক পোনাকণ দাস। তদুপৰি বিভিন্ন সংবাদপত্ৰ আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকবৃন্দ লগতে আপোন ঘৰৰ সদস্য আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

সংবাদ মেলখনত ৰাইজলৈ আহ্বান জনোৱা হয় যে, মানৱ জাতিৰ মাজত শান্তিৰ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই বিশ্ব শান্তি দিৱস উদযাপন কৰা হ’ব। বৰ্তমান সময়ত পৰিয়ালৰ পৰা আত্মীয়তা আৰু বন্ধন ছিঙি যোৱা জেষ্ঠ নাগৰিকসকলৰ সন্মুখত উদ্ভৱ হোৱা দুৰ্গতি আৰু মানসিক একাকীত্বৰ ছবি সমাজৰ সন্মুখত তুলি ধৰি, তেওঁলোকৰ মাজত শান্তিৰ বাৰ্তা প্ৰেৰন কৰা এটি মনোগ্রাহী অনুষ্ঠান আয়োজনৰ কথা ঘোষণা কৰা হয়।

এই অনুষ্ঠানত জেষ্ঠ নাগৰিকসকলৰ মনোভাৱ বিনিময়, লগতে ‘আপোন ঘৰ’ নামৰ মুখপত্ৰ প্ৰকাশ কৰাৰও পৰিকল্পনা কৰা হৈছে। আনহাতে, ছাত্ৰ-ছাত্ৰীৰ মাজত বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি শান্তিৰ বাৰ্তা প্ৰেৰন কৰাৰ উদ্দেশ্যে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লগতে বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু ছবি নিৰ্মাতা ডঃ মাইনু দেৱীৰ পৰিচালনাত বিশ্ব শান্তিৰ ওপৰত নিৰ্মিত এখন চুটি ছবি প্ৰদৰ্শন কৰাৰো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
সদৌ অনুষ্ঠানটো সুকলমে ৰূপায়ণ কৰাৰ বাবে আজি সংবাদ মেলৰ জৰিয়তে সকলো ৰাইজ, সমাজৰ প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ সহায় সহযোগিতা কামনা কৰা হৈছে।
অনুষ্ঠানটোৰ সামগ্ৰিক পৰিচালনা আপোন ঘৰৰ সম্পাদক শ্ৰী পোনাকণ দাসে আগবঢ়াব।
