R.E. Nursing Home । শিলচৰত ভয়ংকৰ চিকিৎসা ভুল! মণিপুৰৰ ৰোগীৰ গুপ্তাংগ কাটি পেলোৱাৰ অভিযোগ

শিলচৰত ভয়ংকৰ চিকিৎসা ভুল! মণিপুৰৰ ৰোগীৰ গুপ্তাংগ কাটি পেলোৱাৰ অভিযোগ ।R.E. Nursing Home

R.E. Nursing Home । শিলচৰত ভয়ংকৰ চিকিৎসা ভুল! মণিপুৰৰ ৰোগীৰ গুপ্তাংগ কাটি পেলোৱাৰ অভিযোগ

ঘটনাটো শিলচৰ চহৰৰ ঘুঙঘুৰ অঞ্চলৰ এখন বেচৰকাৰি চিকিৎসালয় — R.E. Nursing Home-ত সংঘটিত হয়। ৰোগীজন — আতিকুৰ ৰহমান, মণিপুৰৰ জিৰিবাম জিলাৰ কাশিমপুর গাঁৱৰ বাসিন্দা। গুপ্তাংগত সংক্রমণ হোৱা কাৰণে তেওঁ চিকিৎসাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হৈছিল।


চিকিৎসাৰ নামত এক অতি ভয়ংকৰ ঘটনা সংঘটিত হ’ল শিলচৰত। মণিপুৰৰ জিৰিবাম জিলাৰ এজন ৰোগীয়ে অভিযোগ উত্থাপন কৰিছে যে, বায়োপচিৰ নামত তেওঁক অচেতন কৰি তেওঁৰ সম্পূৰ্ণ গুপ্তাংগ কাটি পেলোৱা হৈছে।

আতিকুৰ ৰহমানে সাংবাদিকসকলক জনায় —

“চিকিৎসক ডাঃ ইডেন সিংহাই বায়োপচি কৰাৰ কথা কৈ মোক অচেতন কৰিলে। কিন্তু যেতিয়া ঘৰলৈ গৈ ব্যাণ্ডেজ খুলি চাওঁ, তেতিয়া দেখা যায় মোৰ সম্পূৰ্ণ গুপ্তাংগ কাটি পেলোৱা হৈছে। চিকিৎসাৰ নামত মোৰ জীৱন শেষ কৰি দিলে। কিয় এনে কৰা হ’ল তাৰ কোনো সদুত্তৰ চিকিৎসক বা হস্পিটেলৰ পৰা পোৱা নাই।”

উক্ত ৰোগীই ইতিমধ্যে শিলচৰৰ ঘুঙঘুৰ থানাত চিকিৎসক ইডেন সিংহাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে। তেওঁৰ অভিযোগ, “ভুল চিকিৎসাৰ ফলত মোৰ জীৱন ধ্বংস হ’ল।”

তেওঁয়ে সঠিক তদন্ত আৰু দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। ঘটনাটোক লৈ স্থানীয় অঞ্চলত গভীৰ চাঞ্চল্য পৰিসৰ হৈছে। আৰক্ষীয়ে অভিযোগ গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰাৰ কথা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top