বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰে তিনিটা মৃতদেহ

বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰে তিনিটা মৃতদেহ

বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰে তিনিটা মৃতদেহ
দুলীয়াজানৰ কমলাবাৰীত নৃশংস হ**ত্যাকাণ্ড
দুলীয়াজানৰ কমলাবাৰী অঞ্চলত আজি সন্ধিয়া সংঘটিত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই স্থানীয় ৰাইজক শোকস্তব্ধ কৰি তুলিছে।


​নিহত লোককেইজন ক্ৰমে গৃহস্থ চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু তেওঁলোকৰ কন্যা নিহাৰিকা ভূঞা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, আজি সন্ধিয়াৰ ভাগত নিজৰ ঘৰৰ ভিতৰতে এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হয়। ঘটনাৰ পাছতে বন্ধ ঘৰৰ ভিতৰত তিনিওগৰাকী সদস্যক মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হয়।


​অৱশ্যে কোনে আৰু কি কাৰণত এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে, সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top