হিমাশ্ৰী বৰাৰ ৰহস্যজনক মৃত্যুক লৈ নতুন অভিযোগ

হিমাশ্ৰী বৰাৰ ৰহস্যজনক মৃত্যুক লৈ নতুন অভিযোগ

হিমাশ্ৰী বৰাৰ ৰহস্যজনক মৃত্যুক লৈ নতুন অভিযোগ

ইভেণ্ট মেনেজাৰ গোবিন্দৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ সতীৰ্থ নৃত্যশিল্পীৰ

গুৱাহাটীৰ চপাইদঙৰ নৃত্যশিল্পী হিমাশ্ৰী বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ক্ৰমাৎ নতুন মোৰ ল’বলৈ ধৰিছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ হিমাশ্ৰীৰ মৃত্যুৰ ঘটনাক লৈ এটাৰ পিছত আনটো অভিযোগ পোহৰলৈ আহিছে।

এইবাৰ হিমাশ্ৰীৰ সৈতে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা চাৰিগৰাকী সতীৰ্থ নৃত্যশিল্পীয়ে সংবাদমাধ্যমৰ সন্মুখত মুখ খুলিছে। তেওঁলোকে ইভেণ্ট মেনেজাৰ গোবিন্দৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

হিমাশ্ৰীৰ মৃত্যুৰ ঘটনাৰ মাজতে সতীৰ্থ নৃত্যশিল্পীসকলে উত্থাপন কৰা এই অভিযোগে সমগ্ৰ ঘটনাটোক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে। নৃত্যশিল্পীগৰাকীৰ মৃত্যুৰ আঁৰত প্ৰকৃততে কি ৰহস্য লুকাই আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে, সতীৰ্থ নৃত্যশিল্পীসকলৰ এই অভিযোগৰ পিছত ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। অৱশ্যে, ইভেণ্ট মেনেজাৰ গোবিন্দৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সত্যতা তদন্তৰ জৰিয়তেহে স্পষ্ট হ’ব।

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু। বিশাখাপট্টনমৰ ইভেণ্ট মেনেজাৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে কৰিঅ’গ্ৰাফাৰ এছ’চিয়েছনে। গোবিন্দ নামৰ ইভেণ্ট মেনেজাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। দক্ষিণ ভাৰতলৈ নি অসমৰ শিল্পীক মাননি নিদিয়াৰ অভিযোগ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top