তামুলপুৰত BPF নেতাক কেন্দ্ৰ কৰি ভাইৰেল ভিডিঅ', বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া

তামুলপুৰত BPF নেতাক কেন্দ্ৰ কৰি ভাইৰেল ভিডিঅ’, বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া । BPF

BPF । তামুলপুৰৰ গয়াবাৰী পৰিষদীয় সমষ্টিৰ BPFৰ সৈতে জড়িত ৰত্নেশ্বৰ বড়ো ওৰফে ‘থিলা’ক কেন্দ্ৰ কৰি এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে অঞ্চলটোত বিষয়টোক লৈ বিভিন্ন ধৰণৰ আলোচনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তামুলপুৰ BPFৰ ৰত্নেশ্বৰ ওৰফে থিলাৰ পৰকীয়া প্ৰেম নাৰী কেলেংকাৰীৰ লগত জড়িত বি পি এফ নেতা ৰত্নেশ্বৰ ওৰফে থিলা হাতে লুটে ধৰাত পৰিল মহিলাৰ লগত ধৰা পৰি ভাইৰেল বি পি এফ নেতা ৰত্নেশ্বৰ ওৰফে থিলা BPFত এতিয়া নাৰি কেলেংকাৰীৰে ভৰি পৰিছে ! BPF দলৰ নেতা তথা গয়বাৰী পৰিষদীয় সমষ্টিৰ TCLCৰ অধ্যক্ষ জিতেন মুছাহাৰীৰ অতি ঘনিষ্ঠ ৰত্নেশ্বৰ ওৰফে ঠিলা নাৰি কেলেংকাৰীৰ লগত জড়িত হৈ মহিলাৰ ৰোষত পৰে ।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন পোষ্টত ভিডিঅ’টোৰ সৈতে একাধিক অভিযোগ উত্থাপন কৰা হৈছে।

এই ঘটনাৰ সন্দৰ্ভত সংশ্লিষ্ট ব্যক্তি, BPF দল বা আৰক্ষীৰ ফালৰ পৰা কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ পোৱা নাই। লগতে ভিডিঅ’টো কেতিয়া, ক’ত আৰু কি পৰিস্থিতিত ধাৰণ কৰা হৈছিল, সেই বিষয়েও নিশ্চিত তথ্য উপলব্ধ হোৱা নাই।

ঘটনাটোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি থকাৰ মাজতে বিষয়টোৰ সত্যতা আৰু প্ৰকৃত তথ্য স্পষ্ট কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ তদন্ত বা আনুষ্ঠানিক ব্যাখ্যাৰ অপেক্ষা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top