Nagaon News : নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত নিহত মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত
গুলীয়াগুলীত নিহত হয় মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত খাইৰুল উৰফে মণি। আৰক্ষীৰ তথ্য অনুসৰি, নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোড অঞ্চলত।

জানিব পৰা মতে, মৰিকলং ডকাইতি কাণ্ডৰ পিছৰে পৰা পলাতক হৈ আছিল খাইৰুল। সোমবাৰে নিশা পুনৰ ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল ডকাইতৰ দলটো। এই সন্দৰ্ভত গোপন খবৰ লাভ কৰি আৰক্ষীয়ে ৰাঙলুৰ বৰকণ্ডলী অঞ্চলত অভিযান আৰম্ভ কৰে।
অভিযান চলাই থকাৰ সময়তে আৰক্ষীৰ সন্মুখীন হয় ডকাইতৰ দলটো। অভিযোগ অনুসৰি, আৰক্ষীক লক্ষ্য কৰি প্ৰথমে গুলীচালনা কৰে ডকাইতসকলে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও প্ৰত্যুত্তৰমূলক গুলীচালনা কৰে। এই গুলীয়াগুলীত গুলীবিদ্ধ হয় খাইৰুল উৰফে মণি। পিছত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ পিষ্টল, ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা এখন দা আৰু আন কেইবাটাও সামগ্ৰী জব্দ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
