কাছাৰত গ্ৰেপ্তাৰ পুনৰ আন এজন ভুৱা চিকিৎসক । Fake Doctor

কাছাৰত গ্ৰেপ্তাৰ পুনৰ আন এজন ভুৱা চিকিৎসক । Fake Doctor

Fake Doctor । কাছাৰত গ্ৰেপ্তাৰ পুনৰ আন এজন ভুৱা চিকিৎসক। এইবাৰ সোনাই নগ্ধিৰ গ্ৰামৰ বেবি হেলথ কেয়াৰ পৰা গ্ৰেপ্তাৰ হৈছে এজন ভুৱা চিকিৎসক

গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকজন হৈছে কাছাৰৰ সোনাই সমষ্টিৰ নগ্ধিৰ গ্ৰামৰ ৰিয়াজুল হক লস্কৰ। আৰক্ষীয়ে জানিব দিয়া মতে সোনাই নগ্ধিৰ গ্ৰামত বেবি হেলথ কেয়াৰ খুলি বহু দিনৰ পৰা অবৈধ বাবে চিকিৎসা সেৱা চলাই আছিল।সোনাই আৰক্ষীয়ে অভিযোগ পাই ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক জনক।এই অভিযানত ভুৱা চিকিৎসকৰ পৰা বহু আপত্তি জনক নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সোনাই অঞ্চলৰ ৰোগীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। কাৰণ ভুৱা চিকিৎসক পৰা চিকিৎসা লৈ ৰোগীয়ে ডাঙৰ বিপদৰ সন্মুখীন হ’ব পাৰে।

উল্লেখযোগ্য কাছাৰত এতিয়ালৈকে ১৫ জন ভুৱা চিকিৎসকক ব্যক্তিগত চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ব্যক্তিগত প্ৰতিষ্ঠানত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top