Nalbari । নলবাৰী জিলাৰ মুকালমুৱাৰ শিয়ালমাৰীত অচিন্তিত দৃশ্য। নৈখনত উটি আহিছে বাণ্ডিলে বাণ্ডিলে টকা। নৈত টকাৰ উজান উঠাৰ খবৰে স্থানীয় লোকসকলৰ মাজত হাহাকাৰ আৰু উৎসুকতা সৃষ্টি কৰিছে।

লাখে লাখে টকা পানীত ভাসি থকা অৱস্থাত উদ্ধাৰ হৈছে বুলি জনা পৰে। ঘটনাস্থলীত ভিৰ জমাইছে ৰাইজ। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ হোৱা টকাসমূহ নিজৰ জিম্মাত লৈ গণনা আৰম্ভ কৰিছে। তবে, উদ্ধাৰ হোৱা টকাৰ পৰিমাণত আৰক্ষী ভাগৰি পৰিছে।

টকাৰ এই উজান ক’ৰ পৰা আহিল, কিদৰে নৈত ভাসি আহিল—এই বিষয়ে এতিয়াও কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই। ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

