Aamir Khan ‘illegal’ baby । বলীউডৰ “মিষ্টাৰ পাৰফেকশনিষ্ট” খ্যাত অভিনেতা আমিৰ খানক লৈ শেহতীয়াকৈ চাঞ্চল্যকৰ মন্তব্য কৰিছে তেওঁৰ ভাতৃ ফৈছল খানে। সংবাদমেলত অংশ লৈ ফৈছল খানে দাৱী কৰে যে, তেওঁ আমিৰ আৰু পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছে। লগতে তেওঁ অভিযোগ কৰে যে, আমিৰৰ তিনিজন বৈধ সন্তানৰ উপৰি আৰু এজন অবৈধ সন্তানো আছে।

ফৈছলৰ মতে, আমিৰ খানে প্ৰথম পত্নী ৰীণা দত্তৰ সৈতে বিবাহিত থকাৰ সময়তে কিৰণ ৰাওৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল। লগতে, বিদেশী সাংবাদিক জেছিকা হাইনছৰ সৈতে আমিৰৰ ঘনিষ্ঠতা আছিল আৰু সেই সম্পর্কৰ ফলত এগৰাকী সন্তান জন্ম লৈছে বুলি ফৈছলৰ অভিযোগ।

২০০৫ চনত আমিৰ খান আৰু জেছিকাৰ সম্পৰ্কৰ খবৰ গণমাধ্যমত প্ৰকাশ পোৱাৰ সময়তে এই সন্তানৰ বিষয়েও গুঞ্জন উঠিছিল। যদিও সেই সময়ত আমিৰে এই অভিযোগ অস্বীকাৰ কৰিছিল। ফৈছলৰ দাবী অনুসৰি, জেছিকাই আমিৰৰ চাপ সত্বেও সন্তানক গৰ্ভপাত কৰোৱা নাছিল আৰু সন্তানক একলেই লালন-পালন কৰিছে।
ফৈছল খানে পৰিয়ালৰ ভিতৰত থকা বিবাহ-বিচ্ছেদ, একাধিক সম্পর্ক আৰু বিবাহৰ বিষয়তো উল্লেখ কৰি কয় যে, তেওঁ পৰিয়ালৰ আচৰণত ক্ষুব্ধ আৰু হতাশ।
এই অভিযোগৰ পিছত বলীউড মহলত ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত হৈছে। তবে, আমিৰ খানে এতিয়ালৈকে এই বিষয়ত কোনো মন্তব্য দিয়া নাই।
