টীয়কৰ কাকজানত বৃহৎ পৰিমাণৰ গৰুৰ ছাল উদ্ধাৰকাকজানৰ ইচফাক আলীৰ ঘৰৰ পৰা ৬৩ খন গৰুৰ ছালসহ ৩০ টা বলদ গৰু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

টীয়কৰ কাকজানত বৃহৎ পৰিমাণৰ গৰুৰ ছাল উদ্ধাৰকাকজানৰ ইচফাক আলীৰ ঘৰৰ পৰা ৬৩ খন গৰুৰ ছালসহ ৩০ টা বলদ গৰু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

টীয়কৰ কাকজানত বৃহৎ পৰিমাণৰ গৰুৰ ছাল উদ্ধাৰ
কাকজানৰ ইচফাক আলীৰ ঘৰৰ পৰা ৬৩ খন গৰুৰ ছালসহ ৩০ টা বলদ গৰু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য


টীয়কৰ কাকজানত বৃহৎ পৰিমাণৰ গৰুৰ ছাল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাকজানৰ ইচফাক আলী নামৰ এজন যুৱকৰ ঘৰত মঙলবাৰে নিশা চলোৱা তালাচীত ৬৩ খনকৈ গৰুৰ ছাল উদ্ধাৰ হোৱাৰ লগতে আন এটা ঘৰত ৩০ টাকৈ বলদ গৰু বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।


প্ৰাপ্ত তথ্য অনুসৰি, উদ্ধাৰ হোৱা ৬৩ খন গৰুৰ ছালৰ ভিতৰত ৬২ খন শুকান আৰু এখন কেঁচা ছাল। বীৰ লাচিত সেনাৰ সদস্য লগতে একাংশ স্থানীয় যুৱকে লাহদৈগড় আৰক্ষীৰ সহযোগত অভিযান চলাই এই বৃহৎ পৰিমাণৰ গৰুৰ ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, বিগত বহুদিনৰ পৰাই টীয়কৰ কাকজান অঞ্চলত অবৈধভাৱে গৰু সৰবৰাহৰ এক বৃহৎ চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। গো-সুৰক্ষা আইন, ২০২১ৰ বিধি-নিষেধৰ মাজতে ইমান বৃহৎ পৰিমাণৰ গৰুৰ ছাল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

দীৰ্ঘদিন ধৰি এনে কাৰ্যকলাপ চলি থকাৰ অভিযোগ থকাৰ পাছতো এই চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় পূৰ্বে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নকৰিলে, সেয়াও এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। লাহদৈগড় আৰক্ষীয়ে উদ্ধাৰ হোৱা গৰুৰ ছালসমূহ জব্দ কৰিছে। উদ্ধাৰ হোৱা ৩০ টা বলদ গৰুৰ ক্ষেত্ৰত আৰক্ষী বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top