পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, ৯ নৱেম্বৰত হ’ব ঋণপত্ৰৰ নিলাম

পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, ৯ নৱেম্বৰত হ’ব ঋণপত্ৰৰ নিলাম

এটা ঋণৰ দুসপ্তাহ সম্পূৰ্ণ নহওঁতেই পুনৰ ঋণ লোৱাৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ। ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ ঋণৰ বোজা।

ৰাজ্যৰ বিত্তীয় প্ৰয়োজন পূৰণৰ বাবে পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ। অহা ৯ নৱেম্বৰত চৰকাৰী ঋণপত্ৰৰ নিলামৰ জৰিয়তে এই ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।

উল্লেখ্য যে, যোৱা ২৭ অক্টোবৰত অসম চৰকাৰে ১,০০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল। সেই ঋণ গ্ৰহণৰ দুসপ্তাহ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পুনৰ একে পৰিমাণৰ ধন ঋণ লোৱাৰ প্ৰস্তুতিয়ে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ৩,১০০ কোটি আৰু অক্টোবৰ মাহত ২,০০০ কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে।

ইফালে, ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ নামতো ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন ব্যয় হৈ আহিছে। অৰুণোদয় আঁচনিৰ নামত প্ৰতিমাহে ৪৫০ কোটি টকাতকৈ অধিক ধন ব্যয় হোৱাৰ বিপৰীতে নিযুত বাবু আৰু নিযুত মাইনা আঁচনিৰ বাবে মাহিলি প্ৰায় ১০০ কোটি টকা ব্যয় হোৱা বুলি প্ৰকাশ পাইছে।

আনহাতে, বিগত কেইবছৰমানত অসমৰ মুঠ ঋণৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে। উপলব্ধ তথ্য অনুসৰি, ২০১৬ চনৰ মাৰ্চ মাহত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা। পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত এই পৰিমাণ বৃদ্ধি পাই ৮৯,৭০৯ কোটি টকা হয়। ২০২৫ চনৰ মাৰ্চ মাহত অসমৰ মুঠ ঋণৰ পৰিমাণে ১,৭৭,৯৮৩ কোটি টকাৰ সীমা অতিক্ৰম কৰে।

প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমান ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ২.১৩ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। জনমূৰি ঋণৰ পৰিমাণো প্ৰায় ৪২,৫০০ টকা বুলি উল্লেখ কৰা হৈছে।

অসমৰ ক্ৰমবৰ্ধমান ঋণৰ বোজাক লৈ ইতিমধ্যে বিৰোধী দলসমূহৰ লগতে বিভিন্ন সংগঠনে প্ৰশ্ন উত্থাপন কৰি আহিছে। আনহাতে, আন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top