‘মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে, মই দুমুখীয়া শিল্পী নহয়’ — মানস ৰবীন
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগীত পৰিচালক মানস ৰবীনে। ‘মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে’ বুলি অভিযোগ উত্থাপন কৰি মানস ৰবীনে কয় যে তেওঁ দুমুখীয়া শিল্পী নহয়।
তেওঁ স্পষ্ট কৰি দিয়ে যে, তেওঁ কেৱল এছ আই টি আৰু ন্যায়িক আয়োগৰ আগতহে বক্তব্য দিছে। এতিয়ালৈকে আদালতত বক্তব্য দিবলৈ যোৱা নাই বুলি উল্লেখ কৰি মানস ৰবীনে কয়, ‘মই এছ আই টিত যি কৈছিলোঁ, আদালততো সেইটোৱেই কম। মোক এতিয়ালৈ আদালতত মতা নাই।’

শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ স্থিতি স্পষ্ট কৰে সংগীত পৰিচালকগৰাকীয়ে। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাৰ অভিযোগেও নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।
