india । চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পিছত এতিয়া ভাৰতৰ সৈতে ডাঙৰ বাণিজ্যিক চুক্তিৰ ইংগিত দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে ‘বিগ বিউটিফুল বিল’ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ট্ৰাম্পে ঘোষণা কৰে যে, ভাৰতৰ সৈতে শীঘ্ৰেই এক বৃহৎ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’বলৈ গৈ আছে।
ট্ৰাম্পে কয়, “সকলোৱে আমাৰ সৈতে চুক্তি কৰিব বিচাৰে আৰু সেই চুক্তিৰ অংশ হ’ব বিচাৰে। আমি কালি চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছো। বৰ্তমানে কেইবাখনমান ডাঙৰ চুক্তিৰ ওপৰত কাম চলি আছে। ইয়াৰ পাছত সম্ভৱত ভাৰতৰ সৈতে চুক্তি কৰিম। ভাৰতৰ সৈতে আমাৰ এটা ডাঙৰ বাণিজ্যিক চুক্তি হ’ব।”
তেওঁ আৰু কয়, “আমি সকলো দেশৰ সৈতে চুক্তি নকৰো। কিন্তু কিছুমান বিশেষ চুক্তিৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰি আছো। ভাৰতৰ বাবে দুৱাৰ খুলি দিয়াৰ লগতে চীনৰ সৈতে কৰা চুক্তিৰ জৰিয়তে চীনৰ বাবে আৰু দুৱাৰ মুকলি কৰি দিছো।”
উল্লেখ্য যে বৃহস্পতিবাৰে চীনৰ সৈতে চুক্তি স্বাক্ষৰৰ কথা ঘোষণা কৰে ট্ৰাম্পে। যদিও এই চুক্তিৰ খুটিনাটি বিৱৰণ স্পষ্টকৈ প্ৰকাশ কৰা হোৱা নাই, তথাপি এই চুক্তিৰ অধীনত চীনৰ পৰা আমেৰিকা চুম্বক আৰু ৰেয়ৰ অৰ্থ মিনাৰেলছ পদাৰ্থৰ যোগান লাভ কৰিব। ইয়াৰ বিনিময়ত চীনা ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাৰ কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ বিশেষ অনুমতি পাব।
এই চুক্তিৰ অধীনত আমেৰিকাই চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৫৫ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে চীনে আমেৰিকাৰ আমদানিৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিব।
উল্লেখযোগ্য যে, ২০২৫ চনৰ ফেব্ৰুৱাৰীত ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত প্ৰথমে ১০ শতাংশ শুল্ক আৰোপ কৰিছিল আৰু এপ্ৰিল মাহত এই শুল্কৰ পৰিমাণ ২৪৫ শতাংশলৈ বৃদ্ধি কৰিছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক ৩৪ শতাংশৰ পৰা ১২৫ শতাংশলৈ বৃদ্ধি কৰে। এই বাণিজ্যিক যুদ্ধই বিশ্বৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল।
ভাৰতৰ সৈতে শীঘ্ৰেই সম্ভাব্য চুক্তিৰ কথা ঘোষণা কৰি ট্ৰাম্পে পুনৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক পৰিৱেশৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে আন্তর্জাতিক বৃত্তই।
