কুকুৰে মানুহ কামোৰাৰ কথা সকলোৰে জ্ঞাত… কিন্তু শিৱসাগৰত ঘটিল আজৱ ঘটনা! স্বামীৰ কামোৰৰ পিছতে মৃত্যু পত্নীৰ, চাঞ্চল্য
কুকুৰে মানুহ কামোৰাৰ ঘটনা সঘনাই শুনা যায়। কিন্তু স্বামীৰ কামোৰৰ পিছতে পত্নীৰ মৃত্যু হোৱা বুলি উত্থাপিত অভিযোগে শিৱসাগৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো শিৱসাগৰ নগৰৰ বাবুপট্টি অঞ্চলৰ।
জানিব পৰা মতে, মৰিগাঁও জিলাৰ বাসিন্দা ইউচুফ আলি কৰ্মসূত্ৰে শিৱসাগৰত বাস কৰিছিল। তেওঁ অঞ্জুমা হাজৰিকা নামৰ এগৰাকী মহিলাৰ ভাড়াঘৰত দ্বিতীয় পত্নী ছফিয়া খাতুনৰ সৈতে থাকিছিল।

অভিযোগ অনুসৰি, ১৩ জুলাই ইউচুফ আলি আৰু তেওঁৰ পত্নী ছফিয়া খাতুনৰ মাজত কোনো বিষয়ক কেন্দ্ৰ কৰি ঘৰুৱা বিবাদৰ সৃষ্টি হয়। কথাৰ কটাকটিৰ মাজতে দুয়োৰে মাজত হতাহতি আৰম্ভ হয়। এই সংঘৰ্ষৰ সময়তে এজনে আনজনক কামোৰে। ফলত ছফিয়া খাতুন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও ইউচুফ আলিয়ে সামান্য আঘাত পায়।
উল্লেখযোগ্য যে, কেমেৰাৰ সন্মুখতেই ইউচুফ আলিয়ে পত্নীক কামোৰাৰ কথা স্বীকাৰ কৰিছে। লগতে তেওঁ ঘটনাৰ দিনা সুৰাসক্ত অৱস্থাত থকাৰ কথাও মানি লৈছে। তেওঁৰ দাবী অনুসৰি, প্ৰায় প্ৰতিদিনেই তেওঁ মদ্যপান কৰি ঘৰলৈ আহিছিল।
আজি ছফিয়া খাতুনৰ স্বাস্থ্য হঠাতে অধিক অৱনতি ঘটাত ভাড়াঘৰৰ স্বত্বাধিকাৰী অঞ্জুমা হাজৰিকাই এম্বুলেন্সযোগে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰাৰ পিছত অৱস্থা সংকটজনক হোৱাত আইচিইউলৈ স্থানান্তৰ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাত বিয়লি তেওঁৰ মৃত্যু হয়।
ইফালে, ইউচুফ আলিৰ এইটো দ্বিতীয় বিবাহ বুলি জানিব পৰা গৈছে। তেওঁৰ প্ৰথম পত্নী বৰ্তমান মৰিগাঁও জিলাত বসবাস কৰি আছে।
অৱশ্যে, ছফিয়া খাতুনৰ মৃত্যু প্ৰকৃততে স্বামীৰ কামোৰৰ ফলতেই হৈছে নে অন্য কোনো শাৰীৰিক জটিলতাৰ বাবে হৈছে, সেই বিষয়ে চিকিৎসকৰ ফালৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতকৰণ দিয়া হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে মৃত্যুৰ সঠিক কাৰণ স্পষ্ট হ’ব।
আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি এতিয়ালৈকে কোনো পক্ষই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা নাই। তথাপিও এই অস্বাভাৱিক ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে বিষয়টোৰ ওপৰত নজৰ ৰাখিছে আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে।
