কোঠাত স্বামীৰ ৰক্তাক্ত মৃতদেহ, গুৰুতৰভাৱে আহত ৮ বছৰীয়া পুত্ৰ! কাষতে মোবাইল স্ক্ৰল কৰি থকা অৱস্থাত পত্নীক গ্ৰেপ্তাৰ

কোঠাত স্বামীৰ ৰক্তাক্ত মৃতদেহ, গুৰুতৰভাৱে আহত ৮ বছৰীয়া পুত্ৰ! কাষতে মোবাইল স্ক্ৰল কৰি থকা অৱস্থাত পত্নীক গ্ৰেপ্তাৰ

কৰ্ণাটকৰ ধৰৱাড়ত সংঘটিত হোৱা এক শিহৰণকাৰী ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ বাসগৃহৰ ভিতৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয় এগৰাকী চিকিৎসকৰ মৃতদেহ। একে ফ্লেটৰ আন এটা কোঠাত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হয় তেওঁলোকৰ আঠ বছৰীয়া পুত্ৰ। অভিযোগ অনুসৰি, এই ভয়ংকৰ ঘটনাৰ সময়ত চিকিৎসকৰ পত্নী নিৰ্বিকাৰভাৱে বিচনাত বহি মোবাইল স্ক্ৰল কৰি আছিল। ঘটনাৰ পিছতে আৰক্ষীয়ে পত্নীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

মৃত চিকিৎসকজনৰ নাম ডাঃ কিৰণ হান্নানৱৰ (৪৫)। তেওঁ ধৰৱাড়ৰ চিৰায়ু হাস্পতালত এনাস্থেচিয়া বিশেষজ্ঞ হিচাপে কৰ্মৰত আছিল। বুধবাৰে সন্ধিয়া ধৰৱাড়ৰ এটা সাতমহলীয়া আবাসিক অট্টালিকাৰ ফ্লেটৰ পৰা তেওঁৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, ডাঃ কিৰণক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হয়। ঘটনাটোত তেওঁলোকৰ আঠ বছৰীয়া পুত্ৰও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। শিশুটিক উদ্ধাৰ কৰি তৎক্ষণাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ চিকিৎসা অব্যাহত আছে।

সন্দেহৰ সূচনা ফোন কলৰ পৰা

মৃত চিকিৎসকজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি, মঙলবাৰে নিশাৰ পৰা কিৰণৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল। প্ৰতিবাৰেই তেওঁৰ পত্নী ডাঃ প্ৰিয়ংকাই ফোন ধৰি বিভিন্ন অজুহাত দিছিল। কেতিয়াবা কৈছিল কিৰণে জিৰণি লৈছে, আনহাতে পিছত কৈছিল তেওঁ কামত ওলাই গৈছে। একেৰাহে ভিন্ন ভিন্ন উত্তৰ পোৱাৰ পিছত পৰিয়ালৰ লোকৰ সন্দেহ বৃদ্ধি পায়।

দীৰ্ঘ সময় কোনো সঁহাৰি নোপোৱাত বুধবাৰে সন্ধিয়া আত্মীয়সকল ফ্লেটত উপস্থিত হয়। দুৱাৰ খোলাৰ লগে লগে তেওঁলোকে এক বিভীষিকাময় দৃশ্যৰ সন্মুখীন হয়। এটা কোঠাত কিৰণৰ ৰক্তাক্ত মৃতদেহ পৰি আছিল আৰু আনটো কোঠাত আঘাতপ্ৰাপ্ত অৱস্থাত ছটফটাই আছিল আঠ বছৰীয়া পুত্ৰ। অভিযোগ অনুসৰি, সেই সময়ত প্ৰিয়ংকা বিচনাত বহি সম্পূৰ্ণ নিৰ্বিকাৰভাৱে মোবাইল স্ক্ৰল কৰি আছিল।

আৰক্ষীৰ তদন্তত কি ওলাই আহিছে?

ঘটনাৰ খবৰ পাই আৰক্ষী আয়ুক্ত এন. শশীকুমাৰৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। গোটেই ফ্লেটজুৰি তেজৰ দাগ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে শিশুটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰি তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত আৰক্ষীৰ অনুমান, ঘটনাৰ সময়ত ফ্লেটটোত কেৱল স্বামী, পত্নী আৰু তেওঁলোকৰ পুত্ৰহে উপস্থিত আছিল। বাহিৰৰ কোনো লোক ফ্লেটত প্ৰৱেশ কৰাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই।

পত্নীক গ্ৰেপ্তাৰ, অব্যাহত জেৰা

মৃত চিকিৎসকজনৰ পত্নী ডাঃ প্ৰিয়ংকাও এগৰাকী চকুৰ চিকিৎসক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, জেৰাৰ সময়ত প্ৰিয়ংকাই মানসিকভাৱে বিপৰ্যস্ত অৱস্থাত অসংলগ্ন মন্তব্য কৰিছে।

আৰক্ষীয়ে বৰ্তমান হত্যাৰ প্ৰকৃত কাৰণ, আক্ৰমণৰ সঠিক সময়, ঘটনাৰ পূৰ্বে আৰু পিছত অভিযুক্তই কাৰ লগত যোগাযোগ কৰিছিল আদি সকলো দিশৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৰ আঁৰৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ লগতে সকলো সম্ভাৱ্য দিশত অনুসন্ধান চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top