শিৱসাগৰত নিশা শোকাবহ পথ দুৰ্ঘটনা , দুখন স্কুটীৰ মুখামুখি সংঘৰ্ষ

শিৱসাগৰত নিশা শোকাবহ পথ দুৰ্ঘটনা , দুখন স্কুটীৰ মুখামুখি সংঘৰ্ষ

শিৱসাগৰত নিশা শোকাবহ পথ দুৰ্ঘটনা , দুখন স্কুটীৰ মুখামুখি সংঘৰ্ষ

এজন নিহত আনজন আহত । শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত আখৈফুটীয়া লংচাই দলংৰ সমীপত নিশা প্ৰায় ৯ বজাত সংঘটিত হয় দুৰ্ঘটনাটো । নিহত যুৱকজনক ডিমৌ চৰগুৱাৰ গোবিন্দ দাস (প্ৰায় ২৫) বুলি চিনাক্ত কৰা হৈছে । গোবিন্দ দাস নামৰ যুৱকজনে AS 04 AB 3282 নম্বৰৰ স্কুটীৰে জেষ্ঠ্য ভগ্নীক শিৱসাগৰ নগৰৰ পৰা চৰগুৱাস্থিত নিজা ঘৰলৈ নিবলৈ আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা AS 06 AB 0204 নম্বৰৰ স্কুটীখনেৰে মুখামুখি সংঘৰ্ষত পতিত হয় ।

দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত গোবিন্দ দাসক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আনহাতে আহত আনজন যুৱককো শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আহত আনজন যুৱক ডিমৌ ৰজাবাৰীৰ বুলি জানিব পৰা গৈছে ।

বৰ্তমান যুৱকজন শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে যদিও চিকিৎসকে সংকটমুক্ত বুলি জানিবলৈ দিছে । আহত আনজন যুৱকৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top