প্ৰায় ২৪ ঘণ্টাৰ অন্তত পল্লা নৈৰ পৰা উদ্ধাৰ সন্ধানহীন ছাত্ৰ ৰাহুল আমিনৰ মৃতদেহ
বাক্সা জিলাৰ ৰাজঢাকমালস্থিত পল্লা নৈত সন্ধানহীন হোৱা দশম শ্ৰেণীৰ ছাত্ৰ ৰাহুল আমিনৰ মৃতদেহ প্ৰায় ২৪ ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, বৰপেটাৰোডৰ সাতভনিৰটুপ গাঁৱৰ বাসিন্দা ৰাহুল আমিন কালি দুপৰীয়া প্ৰায় ১২ বজাত সমনীয়াসকলৰ সৈতে পল্লা নৈত গা ধুবলৈ আহিছিল। সেই সময়তে নৈখনৰ তীব্ৰ সোঁতত ভাহি গৈ তেওঁ সন্ধানহীন হৈ পৰে।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে SDRF, আৰক্ষী আৰু স্থানীয় উদ্ধাৰকাৰী দলসমূহে ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰে।
অৱশেষত, প্ৰায় ২৪ ঘণ্টাৰ অন্তত ৰাজঢাকমালৰ ভাইৰেল পইণ্ট সংলগ্ন এলেকাৰ পৰা ৰাহুল আমিনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে
