ৰাভা তুমি বিষ্ণু । Poem

ৰাভা তুমি বিষ্ণু । Poem

Poem । ৰাভা তুমি বিষ্ণু

ৰাভা তুমি বিষ্ণু
তুমি যে আমাৰ,
প্ৰভু ইশ্বৰ।
হে কলাগুৰু
ক্ৰান্তিৰ ৰূপকাৰ,
সুন্দৰৰ পূজাৰী,
তুমি অধিকাৰী,
কৃষ্টি আৰু সংস্কৃতিৰ,
সুন্দৰৰ পূজাৰী।

গীতে আজি ৰুনুক-জুনুক
হে মহান কলাগুৰু,
অসমীয়া সংস্কৃতিৰ
তুমি আকাশৰ,
উজ্জ্বল জোনাক।
হাতত তোমাৰ তুলিকা,
কণ্ঠত গণৰ সুৰ,
শোষিত-বঞ্চিতৰ হৈ
কৰিলা বিপ্লৱৰ শংখনাদৰ ।

হে কলাগুৰু,
তুমি বিষ্ণু ৰাভা
তুমি যে আমাৰ অনন্য,
চিৰনমস্কাৰ হে মহাজীৱন।
তোমাৰ সৃষ্টিৰ পোহৰেৰে
জিলিকি ৰ’ব আই অসমীৰ মুখ।

খগেশ্বৰ দাস
পণ্ডিতঘাট,কাৰ্বি আংলং
পিনঃ ৭৮২৪৮১
ফোন নং ঃ ৯১০১০৩১২২০
দিনাংকঃ ২০ জুন ২০২৬

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top