Poem । বিষ্ণু প্ৰসাদ ৰাভা
✍️ৰন্টু ৰঞ্জন কলিতা
ডিমৌ, শিৱসাগৰ
হে কলাগুৰু,
তুমি আহিছিলা যেতিয়া
অসমৰ আকাশ আছিল মেঘে ঢকা,
মানুহৰ বুকুত আছিল
শিকলিৰে বন্ধা গান।
তুমি ঢোলটো কান্ধত লৈ
আহি ক’লা
“গীত জুৰা, ভয় নকৰিবা,
এই মাটি তোমাৰ, এই সুৰ তোমাৰ”।
তোমাৰ খোজ পৰা বাটে বাটে
গাঁৱে গাঁৱে জ্বলি উঠিল
সাংস্কৃতিক জুই।
তেজপুৰৰ বান থিয়েটাৰৰ পৰা
দূৰণিৰ হাজং পঁজালৈকে,
চাহ বাগিচাৰ লাইনৰ পৰা
ব্ৰহ্মপুত্ৰৰ চাপৰিলৈকে,
তুমি গ’লা, তুমি গালা,
তুমি জগালা।
তুমি ৰাজপ্ৰসাদৰ মঞ্চ নিবিচাৰিলা,
বিচাৰিলা ৰভাতলিৰ ধূলি।
তুমি চাহাবৰ হাত তালি নিবিচাৰিলা,
বিচাৰিলা শ্ৰমিকৰ ঘামৰ টোপাল।
কাৰণ তুমি জানিছিলা
“শিল্পী হ’বলৈ প্ৰথমে মানুহ হ’ব লাগিব।
তোমাৰ তুলিত নিগৰি ওলাইছিল
দুখীয়াৰ হাঁহি, দুখীয়াৰ কান্দোন।
তোমাৰ নাচত জ্বলি উঠিছিল
বিদ্ৰোহৰ জুইকুৰা।
তোমাৰ গীতত বাজি উঠিছিল
মুক্তিৰ ঢোল,
“বিলতে হালিছে মৰিশালি”বুলি
তুমি শোষকৰ বুকু কঁপাইছিলা।
হে আলোক পথৰ যাত্ৰী,
ব্ৰিটিছে তোমাক জেলত ভৰালে,
হাবিত লুকাবলৈ বাধ্য কৰালে,
কিন্তু তোমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিলে।
কাৰণ তুমি কৈছিলা
“বন্দুকৰ গুলীতকৈ গীতৰ সুৰ বেছি শক্তিশালী”।
তুমি হাবিৰ মাজতো ঢোল বজালা,
অন্ধকাৰৰ মাজতো পোহৰ ৰুলা।
আজি তুমি নাই,
কিন্তু তোমাৰ পোহৰপিয়াস আছে।
প্ৰতিটো বিহুৰ ঢোলত
তোমাৰ হাতৰ চাপ আছে।
প্ৰতিটো প্ৰতিবাদী গীতত
তোমাৰ কণ্ঠ আছে।
প্ৰতিটো জাগ্ৰত ডেকাৰ বুকুত
তোমাৰ জুই সাঁতোৰ আছে।
হে ৰাভা কোঁৱৰ,
তুমি শিকালা
ক’লা মাথোঁ মনোৰঞ্জন নহয়,
ক’লা হ’ল মুক্তিপথ।
শিল্পী মাথোঁ ৰং সনা মানুহ নহয়,
শিল্পী হ’ল জনগণৰ সেনানী।
তোমাৰ শেষ ইচ্ছা আছিল
“মই মৰি যাম, কিন্তু মোৰ গীত মৰিব নোৱাৰে”।
হয় গুৰু, তোমাৰ গীত মৰা নাই।
বৰ লুইতৰ পাৰে পাৰে,
নাহৰৰ তলত, গাঁৱৰ নামঘৰত,
এতিয়াও কোনোবাই গায় —
সোৰে সুৰীয়া মাত”।
আৰু তেতিয়াই আমি জানো —
তুমি আছা, তুমি থাকিবা।
হে মহামৃত্যুঞ্জয়ৰ সাধক ,
তোমাৰ জীৱন আছিল এক পূৰ্ণাহুতি
নিজে জ্বলি জাতিটোক পোহৰ দিয়া যজ্ঞ।
আমি তোমাৰ পোহৰৰ কণিকা মাথোঁ।
আশীৰ্বাদ কৰা,
আমিও যেন তোমাৰ দৰে
পোহৰযাত্ৰী হ’ব পাৰোঁ।
দুখীয়াৰ চকুলো মচি
এটি গান গাব পাৰোঁ।
