Zubeen Garg । গুৱাহাটীৰ গণেশগুৰিত পুনৰবাৰ প্ৰতিবাদৰ জোৱাৰ। উৰণসেতুৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী Zubeen Gargৰ প্ৰতিচ্ছবি মচি পেলোৱা ঘটনাক কেন্দ্ৰ কৰি গণেশগুৰিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে জুবিন অনুৰাগীসকলে।

চিত্ৰশিল্পী Marcel Baruahই সামাজিক মাধ্যমযোগে পুনৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাৰ কথা ঘোষণা কৰাৰ লগতে ৰাইজক গণেশগুৰিত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অগণন লোক গণেশগুৰিত সমবেত হয়।

গণেশগুৰিত উপস্থিত হৈ মাৰ্চেল বৰুৱাই পুনৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন আৰম্ভ কৰাৰ লগে লগে পৰিৱেশ উত্তাল হৈ উঠে। সমবেত জনতাই “জয় জুবিন দা” ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তোলে। জুবিন অনুৰাগীসকলৰ লগতে একাংশ জাতীয় আৰু সামাজিক সংগঠনৰ সদস্যসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে অসমৰ সাংস্কৃতিক জগতৰ অন্যতম জনপ্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মচি পেলোৱাটো অসমীয়াৰ অনুভূতি আৰু আৱেগক আঘাত কৰা কাৰ্য। সেয়ে এই ঘটনাৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।
ইফালে, গণেশগুৰিত সৃষ্টি হোৱা এই প্ৰতিবাদী পৰিৱেশৰ মাজতে পুনৰ অংকিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক কেন্দ্ৰ কৰি সমবেত জনতাই শিল্পীগৰাকীৰ প্ৰতি সমৰ্থন আৰু ভালপোৱাৰ প্ৰকাশ ঘটায়। “জয় জুবিন দা” ধ্বনিৰে উত্তাল হৈ পৰে সমগ্ৰ গণেশগুৰি এলাকা।
ঘটনাটোৱে সামাজিক মাধ্যমতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। বহুতে ইয়াক অসমৰ সাংস্কৃতিক চেতনাৰ সৈতে জড়িত বিষয় বুলি অভিহিত কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ গভীৰ অনুৰাগৰো প্ৰতিফলন বুলি মন্তব্য কৰিছে।
