অসম–বংগ সীমান্তৱৰ্তী ছাগলীয়া অঞ্চলত সন্দেহযুক্ত মাংস উদ্ধাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাগলীয়া দ্বিতীয় খণ্ডস্থিত হৰি মন্দিৰ চৌহদত সন্দেহযুক্ত গো-মাংস সদৃশ বস্তু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।
স্থানীয় সচেতন মহলৰ মতে, সমাজত অশান্তি আৰু সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ উদ্দেশ্যৰে একাংশ দুষ্ট চক্ৰই পৰিকল্পিতভাৱে এই কাৰ্য সংঘটিত কৰি থাকিব পাৰে। সেয়ে ঘটনাটোৰ গভীৰ আৰু নিৰপেক্ষ তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক উলিয়াই আনিবলৈ দাবী জনোৱা হৈছে।
ইফালে, ঘটনাটোক লৈ আক্ৰাছু (AKRASU) আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়টোৰ উচিত তদন্তৰ দাবী জনাইছে। সংগঠন দুটাই দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আমিৰ হামজা নামৰ এজন ব্যক্তিক আটক কৰিছে। বৰ্তমান আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰু ঘটনাটোৰ সকলো দিশ তদন্ত কৰি আছে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা যদিও আইন-শৃংখলা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিছে। তদন্তৰ অন্তত ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
