বৰপেটাৰোডত এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিচিত ছেণ্ট যোচেফ হাইস্কুলত এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰক নৃশংসভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, সামান্য কথাক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ শিক্ষক জয়নাল আবদিনে ডাষ্টাৰেৰে আঘাত কৰি ছাত্ৰজনৰ মূৰ ফালি দিয়ে। আঘাতপ্ৰাপ্ত ছাত্ৰজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ অভিযোগ মতে, ঘটনাৰ পিছত শিক্ষকজনে ছাত্ৰজনক এই বিষয়ে ঘৰলৈ নজনাবলৈ সকীয়নি দিয়ে। আনকি পৰিয়ালক বিষয়টো অৱগত কৰিলে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকিও দিয়া হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।
ইফালে, ঘটনাটো পোহৰলৈ অহাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গাপ দিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ কৰিছে পৰিয়াল আৰু স্থানীয় লোকে। ঘটনাই অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰাৰ লগতে অভিভাৱক মহলত উদ্বেগ বৃদ্ধি কৰিছে।
ঘটনাৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকৰ দাবী, ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত অভিযুক্ত শিক্ষক জয়নাল আবদিনক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ইতিমধ্যে ঘটনাটোক লৈ বিদ্যালয় চৌহদ আৰু সমগ্ৰ বৰপেটাৰোড অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী আৰু শিক্ষা বিভাগে বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।
