কবিতাৰ শিৰোনাম:- "দগ্ধ চেতনাৰ চিঞৰ" । POEM

কবিতাৰ শিৰোনাম:- “দগ্ধ চেতনাৰ চিঞৰ” । POEM

POEM । বুকুৰ পঞ্জৰ ভেদি আহে এক কৰুণ হাহাকাৰ,
কলংকিত কৰিলে কোনে এই মানৱতাৰ সংসাৰ?
য’ত পোহৰৰ উৎসৱ হোৱাৰ কথা আছিল
তাতে আজি দানৱীয় অন্ধকাৰে থিতাপি ল’লেহি।
ধৰা থমকি ৰ’ল, আকাশো মৌন হৈ পৰিল।

পৱিত্ৰ দেহাটিত যাৰ লাগিল পাশৱিক আঘাত
তাইৰ চকুলোৱে আজি বিচাৰিছে একুৰা প্ৰতিশোধৰ জুই
শিলীভূত সমাজৰ বিবেকহীন প্ৰতিটো কোণত।
নিস্তব্ধ ৰজনীৰ বুকুত বিলীন হ’ল যি আৰ্তনাদ
সি মাথোঁ এটি শৰীৰৰ যন্ত্ৰণা নহয়
সি যেন সমগ্ৰ মানৱ সভ্যতাৰ চৰম অপবাদ।

আইনৰ পৃষ্ঠা থৰথৰকৈ কঁপে য’ত
নিষ্ঠুৰতাৰ হাঁহিয়ে কৰে অট্টহাস্য
তাতেই সাৰ পাই উঠে এক আদিম ক্ষোভ
যি বিচাৰে কেৱল চৰম আৰু কঠিনতম ন্যায়।

তথাপিও আশাৰ চাকিটি নুনুমায়
এই আন্ধাৰ ফালি এদিন উদয় হ’বই চেতনাৰ বেলি
ৰুগ্ন মানসিকতাৰ সজা ভাঙি
সুৰক্ষিত হ’ব প্ৰতিগৰাকী নাৰীৰ খোজ
আহক, সকলোৱে মিলি গঢ়ো এক কলংকমুক্ত নতুন সমাজ।
__

নাম:- কুণ্ডিল হাজৰিকা ।
ঠিকনা:ভগামুখ, টীয়ক (যোৰহাট)
দূৰভাষ:- ৭০৯৯৩৫৪৪৭৪

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top