উত্তৰ গুৱাহাটীত ভুমাফিয়াৰ তাণ্ডৱ, ভূমিৰ গৰাকীক মাৰপিট কৰি প্ৰাণনাশৰ ভাবুকি

উত্তৰ গুৱাহাটীত ভুমাফিয়াৰ তাণ্ডৱ, ভূমিৰ গৰাকীক মাৰপিট কৰি প্ৰাণনাশৰ ভাবুকি

উত্তৰ গুৱাহাটীত পুনৰ সক্ৰিয় হৈ উঠিছে ভুমাফিয়াৰ চক্ৰ। ৰহধলা-মলখুআহতৰ তলত সংঘটিত এক শিহৰণকাৰী ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। অভিযোগ অনুসৰি ভুমাফিয়া ৰঞ্জিত সিঙে ভাৰাতীয়া গুণ্ডা লগত লৈ ভূমিৰ গৰাকীৰ ওপৰত আক্ৰমণ চলাই ভূমি দখলৰ চেষ্টা চলায়।

ঘটনাৰ বিৱৰণ অনুসৰি, উত্তৰ গুৱাহাটী গৌৰীপুৰ লাটৰ ৪৮৭, ৪৮৮ আৰু ৫১৭ দাগৰ ১০১ পট্টাৰ অন্তৰ্গত প্ৰায় ৭ বিঘা ২ কথা জমিৰ গৰাকী অঞ্জন বৰুৱা। উক্ত ভূমিখিনি বহু বছৰ ধৰি ৰায়ত হিচাপে ভোগদখল কৰি আহিছে নিৰঞ্জন বড়ো, জগদীশ বড়ো আৰু দীপাঙ্কৰ বড়োৱে। পৰিয়ালটোৰ দাবী অনুসৰি, পুৰ্ব-পুৰুষৰ পৰা ৰায়তী স্বত্ব লাভ কৰি তেওঁলোকে উক্ত জমিত খেতি-বাতি কৰি আহিছে।

দেওবাৰে ৰঞ্জিত সিঙে ভাৰাতীয়া গুণ্ডা লগত লৈ উক্ত জমিত উপস্থিত হৈ জোরপূৰ্বক দখলৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে। বাধা দিবলৈ আগবাঢ়ি অহা নিৰঞ্জন বড়োৰ ভাতৃ জগদীশ বড়োক নিৰ্মমভাৱে মাৰপিট কৰা হয় বুলি পৰিয়ালৰ অভিযোগ। আক্ৰমণৰ দৃশ্য মোবাইল কেমেৰাত বন্দী হোৱা বুলিও জানিব পৰা গৈছে।

ইয়াতে শেষ নোহোৱাকৈ আক্ৰমণকাৰীসকলে নিৰঞ্জন বড়োৰ ঘৰলৈ গৈ ভূমি এৰি নাযাওঁতে প্ৰাণনাশৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ফলত এতিয়া পৰিয়ালটো ভয় আৰু আতংকৰ মাজত দিন কটাইছে।

উল্লেখযোগ্য যে, উক্ত ভূমিখিনি সন্দৰ্ভত পূৰ্বে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে স্থিতিবস্থা বজাই ৰাখিবলৈ আদেশ জাৰি কৰিছিল। আদালতৰ নিৰ্দেশ থকা সত্বেও অভিযুক্তই ঘৰ নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

প্ৰাণৰ আশংকাত ভোগা পৰিয়ালটোৱে কামৰূপ আৰক্ষী অধীক্ষকৰ ওচৰত নিৰাপত্তাৰ আবেদন জনাইছিল। আবেদন মঞ্জুৰ হোৱা বুলি কোৱা হলেও, পৰিয়ালটোৱে এতিয়াও সুৰক্ষাৰ অভাৱ অনুভৱ কৰা বুলি অভিযোগ কৰিছে। এতিয়া অসহায় পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় আৰু সুৰক্ষাৰ দাবী জনাইছে।

গুৱাহাটীৰ উপকণ্ঠত দিন-দুপৰীয়া এইদৰে ভুমাফিয়াৰ তাণ্ডৱে সাধাৰণ ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰশাসনে ঘটনাটোক কিদৰে গ্ৰহণ কৰে আৰু দোষীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া এতিয়া সময়ৰ অপেক্ষা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top