এজনী নাৰী, দুজন স্বামী! স্বামীৰ আকৌ তিনিজনী পত্নী!
অভিযোগ অনুসৰি, আদিলুৰ ৰহমান নামৰ এজন ব্যক্তিৰ ইতিমধ্যে তিনিগৰাকী পত্নী আছে। অভিযোগ উত্থাপন কৰিছে ইক্ৰামুল হুছেইন চৌধুৰীয়ে। তেওঁৰ দাবী অনুসৰি, ২০২৫ চনত তেওঁ ৰাজহুৱাকৈ চৰিফা আকতাৰ ৰহমান নামৰ এগৰাকী মহিলাৰ সৈতে বিবাহবন্ধনত আবদ্ধ হৈছিল। কিন্তু তেওঁ জানিব নোৱাৰিলে যে চৰিফা ইতিমধ্যে বিবাহিত আছিল।

ইক্ৰামুলৰ অভিযোগ মতে, চৰিফা আকতাৰ পৰিয়ালেও এই কথা গোপন ৰাখিছিল। বিবাহৰ প্ৰায় চাৰি মাহ পিছত চৰিফা আকতাৰে “অফিচৰ কাম” বুলি কৈ ইক্ৰামুলৰ ঘৰ এৰি যায়। পিছলৈ ইক্ৰামুলে জানিব পাৰে যে চৰিফা পুনৰ পূৰ্বৰ স্বামী আদিলুৰ ৰহমানৰ সৈতে মহানগৰীৰ সাতগাঁও ন-পাৰাত একেটা ফ্লেটত বাস কৰি আছে।

ইয়াৰ লগতে অভিযোগ উঠিছে যে আদিলুৰ ৰহমানে চৰিফা আকতাৰ উপৰিও আফ্ৰিয়া বেগম আৰু চিমা বেগম নামৰ আন দুগৰাকী মহিলাৰ সৈতে দাম্পত্য জীৱন অতিবাহিত কৰি আছে।

ইক্ৰামুল হুছেইন চৌধুৰীয়ে ইতিমধ্যে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিবলৈ দিছে। যদিও এতিয়ালৈকে এই সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা স্পষ্ট কোনো পদক্ষেপ দেখা পোৱা হোৱা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছে।

ঘটনাটোৱে পুনৰ এবাৰ ৰাজ্যত বহুবিবাহ সন্দৰ্ভত চলি থকা আইন-শৃংখলা আৰু সামাজিক নৈতিকতাৰ প্ৰশ্ন উত্থাপন কৰিছে। ঘটনাৰ সঠিক তদন্ত আৰু সত্যতা উদ্ঘাটনৰ বাবে ৰাইজে দৃষ্টি নিবদ্ধ কৰি আছে।
