অভয়াপুৰীত নিশা ট্ৰাকসহ ১৬টা চোৰাং গৰু জব্দ

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে অবৈধ গৰু সৰবৰাহকাৰী চক্ৰ। নিশাৰ অভিযানত অভয়াপুৰীত এখন ট্ৰাকসহ ১৬টা চোৰাং গৰু জব্দ হোৱাত পুনৰ পোহৰলৈ আহিছে এই অবৈধ বাণিজ্যৰ বিস্তাৰ।

ঘটনাটো সংঘটিত হয় অভয়াপুৰীত। জানিব পৰা মতে, বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা অঞ্চলত অবৈধভাৱে গৰু কঢ়িয়াই লৈ যোৱা এখন ছয়চকীয়া ট্ৰাক স্থানীয় লোকে সন্দেহজনক অৱস্থাত ধৰা পেলায়। অভিযোগ অনুসৰি, গৰু কঢ়িয়াই নিয়াৰ সময়ত বাহনখনে এজন স্থানীয় লোকক খুন্দিয়াই পলায়ন কৰিবলৈ চেষ্টা চলায়।

পলায়নৰ চেষ্টা চলোৱাৰ সময়তে ক্ষুব্ধ ৰাইজে বাহনখন আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে তাৰ পৰা ১৬টা গোধন উদ্ধাৰ কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে এই চোৰাং গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত সকলো অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

পুলিচে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই অবৈধ সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন লোকসকলকো বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top