সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম ৰাজনীতিত এক ডাঙৰ পৰিবর্তন দেখা গৈছে। ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাৰ ঘোষণা কৰাৰ পাছতেই ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই নিজৰ পদত্যাগ পত্ৰ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই তেওঁ নিজৰ এক্স (পূৰ্বতে টুইটাৰ) হেণ্ডেলৰ পৰা কংগ্ৰেছৰ পদবী ডিলিট কৰা দেখা গৈছে।

ইপিনে, আগন্তুক ২০ ফেব্ৰুৱাৰীত তেওঁ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব পাৰে বুলি ৰাজনৈতিক মহলত জল্পনা-কল্পনা চলিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

উল্লেখযোগ্য যে, ভূপেন বৰা ২০০৬ চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক হিচাপে দায়িত্ব পালন কৰিছিল। পাছলৈ ২০২১ চনৰ ২৪ জুলাইত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্ত হৈছিল আৰু দলীয় সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

এতিয়া তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱনাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

কংগ্রেছ ত্যাগ ভূপেন বৰাৰ প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ৰঙানদী সমষ্টিৰ কংগ্ৰেছৰ সাম্ভাব্য প্রার্থী আছিল ভূপেন বৰা বিৰোধী ঐক্যৰ মিত্ৰতাৰ দায়িত্বত আছিল ভূপেন বৰা মলিকার্জুন খর্গে, ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ বৰাৰ X হেণ্ডেলৰ পৰা ভূপেন বৰাই আঁতৰালে কংগ্ৰেছৰ শব্দ ২০ ফেব্ৰুৱাৰীত বিজেপিত যোগদানৰ সম্ভাৱনা বৰাৰ
