জালুকবাৰীত লেতেৰা ৰাজনীতি! কংগ্ৰেছৰ পোষ্টাৰত কলাৰং সানিলে দুৰ্বৃত্তই

জালুকবাৰীত লেতেৰা ৰাজনীতি! কংগ্ৰেছৰ পোষ্টাৰত কলাৰং সানিলে দুৰ্বৃত্তই

সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি শাসক–বিৰোধীৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। নিৰ্বাচনী কুচকাৱাজৰ মাজতে জালুকবাৰী সমষ্টিত ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। সমষ্টিৰ বিভিন্ন ঠাইত দলীয় পোষ্টাৰ–বেনাৰ আৰু বৃহৎ হৰ্ডিংক লৈ সৃষ্টি হৈছে বিতৰ্ক।

শাসকীয় বিজেপিৰ ব্যয়বহুল বৃহৎ বৃহৎ হৰ্ডিং আৰু পোষ্টাৰে ইতিমধ্যে পথৰ দুকাষ জিলিকাই তুলিছে। তাৰ বিপৰীতে কংগ্ৰেছেও সমষ্টিত পোষ্টাৰিং আৰম্ভ কৰিছে। কিন্তু ইয়াৰ মাজতে উত্তৰ গুৱাহাটীৰ কেইবাটাও স্থানত কংগ্ৰেছৰ পোষ্টাৰত পোৰা ম’বিলৰ কলা ৰং সানিবলৈ দেখা গৈছে।

এই ঘটনাক লৈ কংগ্ৰেছ কৰ্মীসকল ক্ষোভ প্ৰকাশ কৰি কয় যে, এইটো এক ধৰণৰ “লেতেৰা ৰাজনীতি”। তেওঁলোকৰ অভিযোগ, সমষ্টিত কংগ্ৰেছক শূন্য কৰি দেখুৱাবলৈ কিছুমান দুৰ্বৃত্তই ইচ্ছাকৃতভাৱে এই দুষ্কাৰ্য সংঘটিত কৰিছে। কংগ্ৰেছী নেতাসকলে দাবী কৰে যে, ইয়াৰ আঁৰত শাসকীয় দলৰ উদণ্ড সমৰ্থক জড়িত থকাৰ সন্দেহ আছে।

অৱশ্যে এই অভিযোগ সন্দৰ্ভত বিজেপিৰ ফালৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য লাভ কৰা হোৱা নাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, নিৰ্বাচন ওচৰ চাপিলেই এই ধৰণৰ ঘটনাই ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰে আৰু সমষ্টিৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰে।

এই ঘটনাই জালুকবাৰীৰ ৰাজনৈতিক বায়ুমণ্ডল অধিক গৰম কৰি তুলিছে। আগন্তুক দিনত এই বিতৰ্ক কোন দিশে আগবাঢ়ে সেয়া লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top