ধুবুৰী জিলাৰ চাপৰ শালকোচা অঞ্চলৰ হাৰকাটা মুছলিম পাৰা গাঁৱৰ উপ-স্বাস্থ্য কেন্দ্ৰত শৌচাগাৰ নিৰ্মাণক কেন্দ্ৰ কৰি উত্থাপন হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। স্থানীয় লোকৰ অভিযোগ অনুসৰি, প্ৰায় ৩ লক্ষাধিক টকাৰ অনুমোদিত কাম মাত্ৰ প্ৰায় ১ লাখ টকা ব্যয় কৰি সম্পন্ন কৰা হৈছে বুলি অভিয়োগ আহিছে ।

অভিযোগ অনুসাৰে, শৌচাগাৰ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। কামত পৰিপাতিকৈ সম্পূৰ্ন হোৱা নাই বুলি অভিযোগ উঠিছে। য’ত টাইছ সংস্থাপন কৰিব লাগিছিল, তাত টাইছ লগোৱা হোৱা নাই বুলিও স্থানীয় বাসিন্দাসকলে জনায়। ফলস্বৰূপে, নিৰ্মিত শৌচাগাৰৰ গুণগত মান সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।
ইয়াৰ লগতে কাম সম্পূৰ্ণ নকৰাকৈ বিল পাছ কৰাৰো পৰিকল্পনা চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে বিষয়টোত স্বচ্ছ তদন্ত আৰু দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

বিভাগীয় কৰ্তৃপক্ষই বিষয়টোত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আগন্তুক সময়ত লক্ষ্যণীয় হ’ব।
