Himanta Biswa Sarma: প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত উত্থাপিত গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ৰাজ্যিক কেবিনেট বৈঠকৰ পাছতে আয়োজিত সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ গোচৰ Himanta Biswa Sarma:

Himanta Biswa Sarma: প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত উত্থাপিত গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ৰাজ্যিক কেবিনেট বৈঠকৰ পাছতে আয়োজিত সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয় যে আলী টৌকিৰ শ্বেইখৰ ভাৰত বিৰোধী কাৰ্যকলাপ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ কেবিনেটত বিস্তৃত আলোচনা কৰা হৈছে। এই গোচৰটো এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত হস্তান্তৰ কৰা হ’ব আৰু প্ৰয়োজন অনুসৰি NIA অথবা অন্য কোনো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই পৰৱৰ্তী তদন্ত আগবঢ়াব।

মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে অসম আৰক্ষীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত যি প্ৰতিবেদন দাখিল কৰিছে, তাৰ গোপনীয় নহোৱা অংশসমূহ দেওবাৰে পুৱা ১০:৩০ বজাত ৰাজহুৱা কৰা হ’ব। সেই উপলক্ষে আয়োজিত সংবাদমেলত আঞ্চলিক সংবাদ মাধ্যমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিও উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে প্ৰায় ২ৰ পৰা ৩ ঘণ্টা ধৰি সংবাদমেল সম্বোধন কৰিব বুলি জানিবলৈ দিয়ে।

তেওঁ স্পষ্ট কৰি কয় যে সাধাৰণতে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছত বিভিন্ন সংস্থালৈ গোচৰ হস্তান্তৰ কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত লোৱা নাই। গোচৰটো এতিয়া সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থাকিব আৰু তেওঁলোকেই প্ৰয়োজন অনুসৰি তদন্তকাৰী সংস্থাক দায়িত্ব দিব।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে ডেৰ ঘণ্টাৰো অধিক সময় ধৰি তদন্তকাৰী বিষয়াই কেবিনেট মন্ত্ৰীসকলৰ সন্মুখত গোচৰটোৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। তেওঁ লগতে কয় যে অসম আৰক্ষীয়ে গোচৰটোৰ গভীৰলৈ গৈ তদন্ত চলাইছে যদিও ২০১৬-১৭ চনত পাকিস্তানৰ সৈতে হোৱা সকলো যোগাযোগৰ তথ্য উদ্ধাৰ কৰাটো সহজ নহয় বুলি উল্লেখ কৰে।

এই গোচৰক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আগন্তুক দিনসমূহত বিষয়টো অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top