lottery । ৰঙিয়াৰ ঢোলকুছি অঞ্চলত লটাৰী খেলৰ নামত এক ভয়ংকৰ প্ৰবঞ্চনাৰ ঘটনা প্ৰতীয়মান হোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কুপন বিক্ৰীকাৰীয়ে ULTRA বাছ, বিলাসী চাৰিচকীয়া বাহন আৰু কেইবাখনো দুচকীয়া বাহন পুৰস্কাৰ দিয়া হ’ব বুলি দীৰ্ঘদিন ধৰি ৰাইজক আশ্বাস দিছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি খেল সময়মতে অনুষ্ঠিত নোহোৱাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভ ফুটি উঠে।

পিছত উত্তেজিত ৰাইজে এজন আয়োজকক ধৰি কঠোৰভাৱে প্ৰহাৰ কৰে আৰু খুঁটাত বান্ধি ৰাখে। ঘটনাস্থলীত একেবাৰে অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হয়। ক্ষোভত উন্মত্ত হৈ উঠা ৰাইজে অংগনৱাড়ী কেন্দ্ৰৰ কেইবাখনো আচবাবপত্রো জ্বলাই দিয়ে।

ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। লটাৰী প্ৰবঞ্চনাৰ আঁৰত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।
