নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ দেহাৱসান, আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য । Ramcharan Bharali

নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ দেহাৱসান, আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য । Ramcharan Bharali

Ramcharan Bharali । এটাৰ পিছত আন এটা দুখৰ খবৰ! অসমৰ সাংস্কৃতিক জগতখন যেন দিন দিনেই উকা হৈ পৰিছে, ইজনৰ পিছত সিজন এটাই উজ্জ্বল নক্ষত্ৰ আহি নিঃশেষ হৈ গৈছে। সেই শোকৰ পৰিৱেশৰ মাজতে শুকুৰবাৰে পুৱাতেই আহে আকৌ এটা দুঃখজনক খবৰ—মোহন ভাইৰা বঁটা প্ৰাপক, নাগাৰা নামৰ সম্ৰাট, “নাগাৰা সূৰ্য” বুলি পৰিচিত বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান ঘটে।

অসম আন্দোলনৰ দিনত নাগাৰা নামৰ জৰিয়তে অসমীয়া সমাজক একত্ৰিত কৰিবলৈ সক্ষম হোৱা এই বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতে ৰাজ্যজুৰি পৰিছে গভীৰ শোকৰ ছাঁ। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে নলবাৰীৰ কালাকুছিস্থিত তেওঁৰ বাসগৃহলৈ ভিৰ কৰে শতাধিক গুণমুগ্ধ, শুভাকাঙ্ক্ষী আৰু পাঠক। জীৱনকালত ৰামচৰণ ভৰালীৰ সান্নিধ্য লাভ কৰা বহুজন উপস্থিত হৈ অশ্ৰুসিক্ত নয়নে শেষ বিদায় জনায় তেওঁক।

শুকুৰবাৰে নিশাৰ ভাগত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেখেতলৈ নিবেদন কৰে অন্তিম শ্ৰদ্ধাঞ্জলি। ৰাজ্যৰ শিল্পী সমাজৰ লগতে ৰাজনৈতিক বৃত্তেও গভীৰ শোক প্ৰকাশ কৰিছে এই দুখজনক ঘটনায়।

অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ শেষকৃত্য আজি দিনৰ ১১ বজাত তেওঁৰ জন্মগাঁও কালাকুছিতেই ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। শেষ বিদায় অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে বহু বিশিষ্ট ব্যক্তি আৰু শিল্পী সমাজৰ সদস্য।

নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ কয় — “অসমীয়া লোকসংস্কৃতিত ৰামচৰণ ভৰালীৰ অৱদান অতুলনীয়। তেওঁক ‘নাগাৰা সূৰ্য’ বুলি সন্মানিত কৰা হৈছিল। আজি নাগাৰা নাম যি পৰিমাণে জনপ্ৰিয় আৰু প্ৰসিদ্ধ, তাৰ মূল কাৰণ আছিল ৰামচৰণ ভৰালী। অসম আন্দোলনৰ সময়ত তেওঁৰ নাগাৰা নামে দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি বিশেষ স্থান অধিগ্ৰহণ কৰিছিল।”

অসম চৰকাৰৰ ফালৰ পৰা আয়ুক্তগৰাকীয়ে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পৰিয়ালজনক ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়।

অসমবাসীয়ে আজিৰ দিনটোত শ্ৰদ্ধাৰে মনত ৰাখিব নাগাৰা নামৰ সৃষ্টিকৰ্তা, নাগাৰা সূৰ্য ৰামচৰণ ভৰালীক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top