অসম চৰকাৰে আৰক্ষী বিভাগত ব্যাপক ৰদ-বদল ।Assam Police

Assam Police । অসম চৰকাৰে আৰক্ষী বিভাগত ব্যাপক ৰদ-বদলৰ নিৰ্দেশ জাৰি কৰিছে।

এই ৰদ-বদলৰ জৰিয়তে ৩৬জন আৰক্ষী বিষয়াক নতুন পদ আৰু স্থানত বিন্যাস কৰা হৈছে।

এইসকলৰ ভিতৰত বহু জ্যেষ্ঠ আৰক্ষী বিষয়াও অন্তৰ্ভুক্ত।

শ্ৰীভূমিৰ SSP পাৰ্থ প্ৰতিম দাসক বদলি কৰি কাছাৰ জিলাৰ SSP হিচাপে দায়িত্ব দিয়া হৈছে। পূৰ্বে শ্ৰীভূমিৰ SSP হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দাসে এতিয়া কাছাৰৰ দায়িত্ব গ্ৰহণ কৰিব।
শ্ৰীভূমিৰ নতুন SSP হিচাপে লীনা দলেক দায়িত্ব।

ধুবুৰীৰ SSP হিচাপে দেৱাশীষ বৰাক নিযুক্ত কৰা হৈছে। ধুবুৰী জিলাৰ নতুন SSP হিচাপে বৰাই দায়িত্ব গ্ৰহণ কৰিব।

কাছাৰৰ SSP নোমল মাহাতোক বদলি কৰি কোকৰাঝাৰ জিলাৰ SSP পদত নিযুক্ত কৰা হৈছে। মাহাতোৰ নতুন দায়িত্ব কোকৰাঝাৰত।
কোকৰাঝাৰৰ SSP পুষ্পৰাজ সিঙক বদলি কৰি কাৰ্বি আংলং জিলাৰ SSP হিচাপে নিযুক্ত কৰা হৈছে।

কাৰ্বি আংলঙৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপ জিলালৈ বদলি কৰা হৈছে।

শিৱসাগৰৰ SSP শুভ্ৰজ্যোতি বৰাক বদলি কৰি যোৰহাট জিলালৈ পঠোৱা হৈছে।
যোৰহাটৰ SSP শ্বেতাংক মিশ্ৰক ৪এ পি বি এনলৈ বদলি কৰা হৈছে। মিশ্ৰৰ নতুন দায়িত্ব ৪ৰ্থ অসম পুলিচ বেটেলিয়নত হ’ব।

ডিমা হাছাওৰ SSP মায়ং কুমাৰক তিনিচুকীয়ালৈ বদলি কৰা হৈছে।
এ আই জি ৰিপুঞ্জয় কাকতিক বদলি কৰি ডিমা হাছাওৰ নতুন SSP হিচাপে নিযুক্ত কৰা হৈছে।

বিশ্বনাথৰ SSP শুভাশীষ বৰুৱাক বদলি কৰি শিৱসাগৰৰ নতুন SSP হিচাপে দায়িত্ব দিয়া হৈছে।
বজালীৰ SSP এ বসুমতাৰীক বিশ্বনাথ জিলালৈ বদলি কৰা হৈছে। বসুমতাৰীৰ নতুন দায়িত্ব বিশ্বনাথত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top